মৰিগাঁও : আৰক্ষীৰ গুলীত আহত ৰজনীকান্ত দৈমাৰী। আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা কৰোতে আৰক্ষীয়ে ৰজনীকান্ত দৈমাৰীক লক্ষ্য কৰি গুলী চালনা কৰে। ৰজনীকান্ত দৈমাৰী দুয়োখন ভৰিত আৰক্ষীৰ গুলী লাগিছে।

তিনি কন্যা শিশুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰজনীকান্ত দৈমাৰী নামৰ লম্পটজনক। ৫০ বছৰীয়া ৰজনীকান্ত দৈমাৰীয়ে মৰিগাঁও জিলাৰ লাহৰীঘটৰ জেঙৰবড়ী গাঁৱৰ বাসিন্দা।

এই লম্পটজনে গাঁওখনৰে তিনি গৰাকী কন্যা শিশুক যৌন নিৰ্যাতন চলাইছিল। ইয়াৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল ৰজনীকান্ত দৈমাৰী। কিন্তু বুধবাৰে লাহৰীঘট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লম্পট ৰজনীকান্ত দৈমাৰীক।

লগতে পঢ়ক : ‘বগামাটী’ বনভোজস্থলী বন্ধ হ’ব নেকি? কি কয় পৰিচালনা সমিতিয়ে?

বুধবাৰে নিশাৰ ভাগত আৰক্ষীয়ে ৰজনীকান্ত দৈমাৰীক লগত লৈ ঘটনাস্থলীত তদন্ত চলাবলৈ যোৱাৰ সময়ত আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলায় ৰজনীকান্ত দৈমাৰী। ইয়াৰ পিছতে আৰক্ষীয়ে ৰজনীকান্ত দৈমাৰীক লক্ষ্য কৰি গুলী চালনা কৰাত আহত হয় লম্পটজন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply