নগাঁও: নগাওঁ আৰক্ষীয়ে চলোৱা গুলীচালনাৰ ঘটনাক লৈ জিলাখনত চাঞ্চল্যৰ সৃষ্টি হৈছে।
নগাঁৱৰ কচলুখোৱাত এজন যুৱকক গুলীচালনা কৰিলে আৰক্ষীয়ে। আৰক্ষীৰ গুলীত আহত ছাত্ৰ নেতাজন এতিয়া চিকিৎসাধীন। এন্টি নাৰ্কটিক স্কোৱাডৰ গুলীত আহত হয় যুৱক জন।


ভৰিত গুলী লগা যুৱক জনৰ নাম কীৰ্তি কমল বৰা। নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰন সম্পাদক আছিল। নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আহত জনক।
আছুৰেও জড়িত আছিল ছাত্ৰ নেতা জন। কচলুখোৱাত এন্টি নাৰ্কটিক স্কোৱাডৰ দলে চলাই আছিল তালাচী।
মটৰ চাইকেলত ঔষধ ক্ৰয় কৰিবলৈ যুৱক জন আহোতে এই অঘটন। তালাচীত আৰক্ষীৰ নিৰ্দেশ নামানি আতৰি গৈছিল আহত যুবকজন। পিছত পুনৰ তালাচীৰ স্থানলৈ আহি তৰ্ক বিৰ্তকত লিপ্ত হৈছিল। হাতত থকা হেলমেটে স্কোৱাডৰ কৰ্তব্যৰত বিষয়া প্ৰদীপ বনিয়াক আক্ৰমন কৰাৰ অভিযোগ উত্থাপন।
অভিযোগ মতে আন এজন কনিষ্টবলকো কৰিছিল আক্ৰমন। কীৰ্তিকমল বৰাৰ আক্ৰমনৰ প্ৰত্যুত্তৰত আৰক্ষীয়ে চলাই গুলী। এই গুলীচালনা ঘটনাক লৈ চাঞ্চল্য নগাঁও চহৰত।
ছাত্ৰজনৰ পৰিয়ালে পুলিচে নিৰ্দোশী যুবকজনক গুলীওৱা অভিযোগ।

লগতে পঢ়ক – কমাৰগাঁৱৰ ন-পমুৱাত দুষ্প্ৰাপ্য জহামাল উদ্ধাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply