গুৱাহাটীঃ আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা। দুয়োগৰাকী নেতাৰ অসম ভ্ৰমণৰ পূৰ্বে উপ-আৰক্ষী আয়ুক্ত, যান-বাহন শাখাই এক প্ৰেছ বিবৃত্তিযোগে যান বাহন চলাচলৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা জাৰি কৰে।

৭ অক্টোবৰৰ পৰা ৯অক্টোবৰলৈ যান-বাহন চলাচলৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে-

১. ৭অক্টোবৰ পুৱা ১১.৩০ বজাৰ পৰা নিশা ১১বজালৈ বজালৈ মহানগৰৰ অন্তৰ্গত ২৭ নং আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ছয় বা ততোধিক চকাযুক্ত বাণিজ্যিক মালবাহী বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

২. ৮অক্টোবৰ পুৱা ৭বজাৰ পৰা নিশা ১১.৩০ বজালৈ ২৭ নং আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চাৰি বা ততোধিক চকাযুক্ত বাণিজ্যিক মালবাহী বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

৩. ৯অক্টোবৰ পুৱা ৮বজাৰ পৰা পুৱা ১১.৩০ বজালৈ মহানগৰীৰ এম জি ৰোড, ডি জি ৰোড, এ টি ৰোড, কে এল বি ৰোড, তৈয়বুল্লাহ ৰোড, জি এন বি ৰোড, বি বৰুৱা ৰোড, জি এছ ৰোডত সৰু, মজলীয়া আৰু গধুৰ সকলো ধৰণৰ বাণিজ্যিক মালবাহী বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত বিজেপিৰ নতুন ৰাজ্যিক কাৰ্যালয় উদ্বোধন কৰিব।

অনুষ্ঠানৰ শেষত দুয়োগৰাকীয়ে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত বিজেপিৰ ৰেলীত অংশগ্ৰহণ কৰিব। এই ৰেলীত অংশগ্ৰহণ কৰিব ৪০,০০০-৪৫,০০০ বিজেপি কৰ্মীয়ে।

লগতে পঢ়কঃতিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply