চামগুৰি থানাৰ আৰক্ষী সহকাৰী উপ পৰিদৰ্শকক গ্ৰেপ্তাৰ

যি সময়ত অসম আৰক্ষীয়ে নগাও জিলাত ড্ৰাগছ মদৰ অবৈধ ঘাটি উচ্ছেদ কৰি অসামাজিক চক্ৰক উৎখাত কৰাৰ নিতৌ খবৰ আহিছে সেই সময়তে অসম আৰক্ষীক লজ্জানত কৰি জুৱাৰীৰ পৰা উৎকোচ লোৱাৰ অভিযোগত আটক হৈছে নগাঁও জিলাৰ এজন আৰক্ষী বিষয়া ।

আৰক্ষী সুত্ৰে জানিবলৈ দিয়া মতে জিলাখনৰ চামগুৰি থানাৰ সহকাৰী উপ পৰিদৰ্শক গিয়াচুদ্দিন আহমেদে
জুৱাৰীৰ পৰা উৎকোচ লোৱাৰ অপৰাধত নিলম্বিত হব লগাা হ’ল । ধৃত আৰক্ষী সহকাৰী উপ পৰিদৰ্শক গিয়াছুদ্দিন আহমেদে ।
১৮ হাজাৰ টকা লৈ জুৱাৰীক এৰি দিয়াৰ অভিযোগত নগাঁও আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে সহকাৰী উপ পৰিদৰ্শক গৰাকীক।
নগাঁও সদৰ আৰক্ষী থানাত সোঁধপোচ অব্যাহত। উৎকোচ দাবী কৰা এটা অডিঅ’ ক্লিপৰ ওপৰত ভিত্তি কৰি আটক আৰক্ষী বিষয়াজনক ৷
ইতিমধ্যে চামগুৰি আৰক্ষী থানাৰ সহকাৰী উপ-পৰিদৰ্শকজনক নিলম্বন কৰিছে নগাঁও আৰক্ষী অধীক্ষকে ৷

লগতে পঢ়ক মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত ২ টা গৰু জব্দ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply