গুৱাহাটী : উৎকোচ লৈ পুলিচ ৰিপ’ৰ্ট দিয়া আৰক্ষীজন গ্ৰেপ্তাৰ। উৎকোচ লৈ অৱশেষত গ্ৰেপ্তাৰ হ’ল আৰক্ষী উপ পৰিদৰ্শক জিতেন্দ্ৰ সিং। কেমেৰাত বন্দী হৈছে উৎকোচ বিচাৰি থকাৰ সকলো দৃশ্য।
উৎকোচ লৈ পুলিচ ৰিপ’ৰ্ট দিয়া আৰক্ষী উপ পৰিদৰ্শক জিতেন্দ্ৰ সিংক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষী উপ পৰিদৰ্শক গৰাকীয়ে এজন লোকৰ পৰা পুলিচ ৰিপ’ৰ্ট দিয়া বিনিময়ত ধন বিচাৰি থকাৰ দৃশ্য কেমেৰাত বন্দী হৈছিল। পুলিচ ৰিপ’ৰ্ট দিয়াৰ নামত আৰক্ষী উপ পৰিদৰ্শক গৰাকীয়ে লৈছিল ৫ হাজাৰ টকাৰ উৎকোচ।
লগতে পঢ়ক : দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত কিতাপ-কলম,গছপুলি বিতৰণ কৰি ব্যতিক্রম ভাৱে জন্মদিন উদযাপন
ঘোচ লোৱাৰ দৃশ্য সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পিছতে তৎপৰতাৰে কৰিমগঞ্জৰ উপ আৰক্ষী অধীক্ষক পংকজ যাদৱে পাথাৰকান্দি থানাত উপস্থিত হৈ ভিডিঅ’ৰ সত্যতা নিৰূপণ কৰে আৰু অৱশেষত সত্য প্ৰমাণিত হোৱাত গ্ৰেপ্তাৰ কৰে জিতেন্দ্ৰ সিঙক।