লখিমপুৰৰ পৰা পল্লৱ মিলিঃ ৰাজ্যৰ বিভিন্ন স্থানৰ পাছত এইবাৰ মুখ্যমন্ত্ৰী তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰিছে লখিমপুৰৰ এজন আৰক্ষী বিষয়াক ৷
উৎকোচ লওতেই হাতেলোটে ধৰিলে সহকাৰী উপপৰিদৰ্শক ডম্বৰুধৰ দত্ত ৷ লখিমপুৰৰ পানীগাওঁ এলেকাৰ দোলপটা নিবাসী ডম্বৰুধৰ দত্ত কিছুদিনৰ বাবে চিলনীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্বত আছিল । এটা গোচৰ মীমাংসাৰ বাবদ দত্তই ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে।
ধৃত ডম্বৰুধৰ দত্তক লখিমপুৰত বৰ্তমানেও সোধপোচ কৰাৰ লগতে তেওঁৰ বাসগৃহত তালাচী চলাই আছে।