গুৱাহাটী : বৰ্ষাপাৰাৰ ডকাইতিকাণ্ডই পুনৰ নাক কাটিলে অসম আৰক্ষীৰ। বৰ্ষাপাৰা ডকাইতিকাণ্ড সন্দৰ্ভত চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। এই ডকাইতিকাণ্ডৰ লগত অসম আৰক্ষীৰ লোক জড়িত থকা বুলি জানিবলৈ পোৱা গৈছে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৪ জনকৈ লোকক।

মঙলবাৰে দিন দুপৰতে বৰ্ষাপাৰাৰ ইটাভাটাৰ সাৰদা পথত সংঘটিত হোৱা ডকাইতকাণ্ডৰ লগত জড়িত ৪ জনকৈ লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক ৪ জন হৈছে ক্ৰমে গণেশ দাস, কৰুণা, বিপ্লৱ দৈমাৰী আৰু অমৰ আলী।

ডকাইতিকাণ্ডত ৬ জনীয়া ডকাইতৰ দল জড়িত আছিল যদিও এতিয়াও ২ জন লোক আৰক্ষীৰ জালত পৰা নাই। ডকাইতৰ দলটোৱে ব্যৱহাৰ কৰা এএছ-০১-ডিজে-৯৬০৪ নম্বৰৰ ডাষ্টাৰ বাহনখন গণেশ দাসৰ বুলি জানিব পৰা গৈছে। গণেশ দাস অসম আৰক্ষীত কৰ্মৰত।

লগতে পঢ়ক :  আজি শুভমহালয়া! পুৱতি নিশাৰ পৰাই প্ৰাতঃভ্ৰমণৰ বাবে ওলাই আহিল ৰাইজ

ডকাইতৰ দলটোৰ গুলী চালনাত লিটন মজুমদাৰ নামৰ এজন লোক আহত হৈ চিকিৎসা ধীনহৈ আছে। ঘটনাস্থলীত আৰক্ষীয়ে অমৰ দাসৰ ভোটাৰ কাৰ্ড উদ্ধাৰ কৰিছিল। অমৰ দাস পূৰ্বেও বহু ডকাইতিকাণ্ডৰ লগত জড়িত আছিল বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply