অভয়াপুৰী : বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ বিদ্যালয়সমূহৰ উপ পৰিদৰ্শকৰ কাৰ্যালয়ৰ উচ্চ বৰ্গৰ সহায়িকা চন্দ্ৰা সন্দিকৈৰ বাসগৃহত আৰক্ষীৰ অভিযান। চন্দ্ৰা সন্দিকৈৰ যোগীঘোপাৰ ইছলামপুৰস্থিত বাসগৃহত আৰক্ষীৰ অভিযান। চন্দ্ৰা সন্দিকৈৰ বিৰুদ্ধে আছে উৎকোচ লোৱাৰ অভিযোগ।
পেঞ্চনৰ ধন মোকলাই দিয়া, শিক্ষকৰ বিভিন্ন কাম কৰি দিয়াৰ বিনিময়ত উৎকোচ লোৱাৰ অভিযোগ আছে চন্দ্ৰা সন্দিকৈৰ বিৰুদ্ধে। জিলা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে বঙাইগাঁও জিলাৰ উপায়ুক্তক চন্দ্ৰা সন্দিকৈৰ বিৰুদ্ধে উৎকোচৰ অভিযোগ দিছিল। জিলা উপায়ুক্ত ডা° এম এছ লক্ষ্মীপ্ৰিয়াক এই সন্দৰ্ভত তদন্তৰ প্ৰতিবেদন দাখিল কৰাৰ পিছতেই চন্দ্ৰা সন্দিকৈৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়।
লগতে পঢ়ক : হেঙেৰাবাৰীস্থিত ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
সোমবাৰে উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি পাৰ্থসাৰথি জহৰীয়ে অভয়াপুৰী আৰক্ষী থানাত চন্দ্ৰা সন্দিকৈৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। চন্দ্ৰা সন্দিকৈ বৰ্তমান পলাতক অৱস্থাত আছে। চন্দ্ৰা সন্দিকৈক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।