জামুগুৰিহাটঃ চুলাই মদৰ ভাটিসমূহৰ পৰা কৰ’নাৰ গণ সংক্ৰমণ হোৱা বুলি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই মন্তব্য কৰাৰ পাছততেই আৰক্ষীৰ লগতে স্থানীয় প্ৰশাসনে শুকুৰবাৰে বিয়লিৰ ভাগত চুলাই মদৰ বিৰুদ্ধে চলাই তীব্ৰ অভিযান।

নদুৱাৰ ৰাজহ চক্ৰ বিষয়া আকাশ দ্বীপ কাকতিৰ নেতৃত্বত জামুগুৰি আৰক্ষীয়ে চলোৱা এই অভিযানৰ সময়ত অঞ্চলটোৰ চুটীয়াম,হকমা,ৰাভাগাওঁ, এৰাবাৰীকে ধৰি বিভিন্ন স্থানৰ পৰা প্ৰায় দুই হাজাৰ লিটাৰ চুলাই মদ নষ্ট কৰাৰ লগতে অৰুণাচলী সুৰাও জব্দ কৰিবলৈ সক্ষম হয়।

আৰু পঢ়কঃপুনৰ ৰঙিয়া আৰক্ষীৰ অভিযানত ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

ইয়াৰোপৰি কভি’ড বিধি উলংঘা কৰি বাটেঘাটে ঘুৰি ফুৰা সকলকৰ প্ৰতিও কঠোৰ হয় আৰক্ষী।

উল্লেখ্য যে, সম্পূৰ্ণ কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা হোৱা শোণিতপুৰ জিলাৰ জামুগুৰিহাটটো কৰ’নাৰ ভয়ংকৰ গণ সংক্ৰমণ আৰম্ভ হৈ এতিয়ালৈকে প্ৰায় ১৫ শতাধিক লোক আক্ৰান্ত হোৱাৰ লগতে দহ জনকৈ লোকৰ কৰ’ণাত মৃত্যু হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply