কামপুৰ: নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ মাজতে কঠীয়াতলী ৰেংবেংগত ১ লাখ ৮৫ হাজাৰ টকা জব্দ হয়। কঠীয়াতলী ৰেংবেংত চলোৱা তালাচী অভিযানত কঠীয়াতলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত যোৱা এটি দলৰ সহযোগত নগাঁৱৰ পৰা অহা ফ্লাইং স্কোৱাৰ্ডৰ এটা দলে টকা খিনি দুখন গাড়ীৰ পৰা উদ্ধাৰ কৰে।
ডিমাপুৰৰ পৰা গুৱাহাটীলৈ আহি থকা অৱস্থাত AS01BG-8888 নম্বৰৰ গাড়ী খনৰ পৰা ১ লাখ টকা আৰু লামডিংৰ পৰা গুৱাহাটী অভিমুখী AS01BP- 0249 নম্বৰৰ গাড়ী খনৰ পৰা ৮৫ হাজাৰ টকা সৰ্বমুঠ ১ লাখ ৮৫ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে। অভিযানকাৰী দলটোৱে টকাখিনি কি উদেশ্যেৰে আনিছিল সেই সম্পৰ্কে তদন্ত অব্যাহত ৰাখিছে |