মৰাণঃ মৰাণ আৰক্ষী থানাত LPG গেছ ভৰ্তি চিলিণ্ডাৰৰ বৃহৎ দম। যোৱা নিশা মৰাণ আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত নাহৰণি বৰবাম LPG গেছ ভৰ্তি প্ৰায় ৬৩ টা চিলিণ্ডাৰ, ১৯ টা খালী চিলিণ্ডাৰ, ১২ টা বাণিজ্যিক চিলিণ্ডাৰৰ লগতে গেছ চুৰি কৰা সমগ্ৰী জব্দ কৰে।
ঘটনা সন্দৰ্ভত ইষ্টম’জ’ৰ আগত মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই কয়, ”কালি এটা খবৰ পাইছিলো নাহৰণি এলেকাত এখন গেছৰ গাড়ী ৰখাই থোৱা আছিল আৰু গাড়ীখনৰ কাষত কিছুলোকে কিবা কাম কৰি আছিল। আমি লগে লগে আৰক্ষীৰ এটা দলক পঠিয়াই দিও। কিন্তু আৰক্ষী অহাৰ উমান পায়েই লোককেইজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে। চিলিণ্ডাৰ ভৰ্তি গাড়ীখনৰ নম্বৰ আছিল এএছ ০৩ এচি ৪১৭৫। গেছৰ গাড়ীখনৰ পৰা প্ৰায় ৮০-৯০ টা মান চিলিণ্ডাৰ নমাই থোৱা আছিল।তাৰ ভিতৰত ঘৰুৱা চিলিণ্ডাৰ আৰু বাণিজ্যিক চিলিণ্ডাৰো আছিল। খালী চিলিণ্ডাৰ আছিল ১৯টা । গাড়ীখনৰ চালককো আটক কৰিবলৈ সক্ষম হোৱা নাই। বৰ্তমান আমি তদন্ত আৰম্ভ কৰি আছো।”
ঘটনা সন্দৰ্ভত কোনো লোকক মৰাণ আৰক্ষীয়ে আটক কৰিব নোৱাৰিলে যদিও আৰক্ষীয়ে নিজাববীয়া গোচৰ ৰুজু কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি মৰাণৰ আশে পাশে গেছ চুৰিৰ এক বৃহত চক্ৰ জড়িত থকাৰ অভিযোগত পোৱা গৈছিল। তাৰ ভিত্তিত মঙলবাৰে মৰাণ আৰক্ষীয়ে এই অভিযান চলাইছিল।