শিৱসাগৰঃ শিৱসাগৰ চহৰৰ মাজমজিয়াৰ মাৰোৱাৰী পট্টী আনন্দৰাম বৰুৱা উদ্যানৰ সমীপৰ পৰাই আলু,পিয়াজৰ গুদামৰ নামত বছৰ বছৰ জুৰি মাৰাত্মক লালী গুৰৰ ব্যৱসায় চলাই থকা কুখ্যাত চক্ৰটোৰ ঘাটিত অৱশেষত আৰক্ষীৰ অভিযান চলাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলাখনত। শিৱসাগৰৰ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাই গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত উপ আৰক্ষী অধীক্ষক ডেইজী গগৈৰ নেতৃত্বত সদৰ ভাৰপ্ৰাপ্ত বিষয়া যুগল কিশোৰ কলিতা, নগৰ উপপৰিদৰ্শক বিশ্বজ্যোতি দুৱৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ বিক্ৰমপুৰ চাৰিআলীৰ সমীপত চলোৱা অভিযান কালত এই বৃহৎ লালী গুৰ চক্ৰটোক উৎখাত কৰিবলৈ সক্ষম হয়৷
অভিযানকাৰী আৰক্ষীৰ দলটোৱে ঘটনাস্থলীৰ পৰা এখন মিনি ট্ৰাকত অজ্ঞাত স্থানৰ এটা চুলাই ঘাটীলৈ বোজাই কৰি নিবলৈ লোৱাৰ সময়তেই বিশ কুইন্টল লালী গুৰৰ লগতে লালী মাফিয়া তথা বিতৰ্কিত ব্যৱসায়ী ভোলা চাহুক আটক কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে এএচ ০৪ বি চি ৭৪১৫ নম্বৰৰ মিনি ট্ৰাক খনৰ চালক নিতুল গগৈকো আটক কৰে৷ বিক্ৰমপুৰ তিনিআলিৰ সমীপত প্ৰায় এবিঘা মাটি কালিৰ এটা বৃহৎ গুদাম আছে৷ বাবা ৰাম দেৱৰ আলু পিয়াজৰ গুডাম হিচাবে পৰিচিত গুডামটোৰ স্বত্বাধিকাৰী হ’ল পৰমেশ্বৰ ঝা৷ এই গুডামটোতেই শেহতীয়াকৈ দীৰ্ঘ সময়ধৰি মাৰোৱাৰী পট্টীৰ ভোলা চাহুৱে লালী গুৰৰ গুডাম হিচাবে ব্যৱহাৰ কৰি আহিছিল৷
অভিযোগ অনুসৰি বিহাৰ, কলিকতা, উত্তৰ প্ৰদেশৰ পৰা নিয়মিত অহা বৃহৎ বৃহৎ আলু পিয়াজ পৰিবাহী ট্ৰাক, ট্ৰেইলাৰ সমূহত গোপনে ভোলা চাহুৰ নেতৃত্বত নিষিদ্ধ লালী গুৰ সৰৱৰাহ হৈ আহিছিল৷ উত্তৰ প্ৰদেশৰ হাৱপুৰ জিলাৰ পৰা বিগত সপ্তাহত অহা কেইবা লক্ষাধিক টকাৰ লালী গুৰ ধৃত ভোলা চাহুৱে ডিমৌ, ৰাজমাই, চেপন, খৰাহাট, গেলেকী, সোণাৰীকে ধৰি ভিন্ন স্থানৰ চুলাইৰ ঘাটীলৈ প্ৰেৰণ কৰি আহিছিল৷ মাত্ৰ ৪ দিনৰ পূৰ্বে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত লালী গুৰ নিষিদ্ধকৰণৰ পূৰ্বৰ নিৰ্দেশ নৱীকৰণেৰে পুনৰ বাহাল থকাৰ মাজতো নিতৌ চুলাইৰ ঘাটীলৈ লালী গুৰ সৰবৰাহ হৈ থকাৰ সন্দৰ্ভত আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাই চলোৱা গোপন অনুসন্ধানৰ সময়তেই পোহৰলৈ আহিছিল বাবা ৰাম দেৱৰ আলু গুডামৰ পৰাই লালী গুৰৰ নিষিদ্ধ ৰমৰমীয়া ব্যৱহায় চলি থকাৰ তথ্য৷
এই তথ্যৰ ভিত্তিতেই আৰক্ষীৰ দলটোৱে আজি পুৱা ১০ মান বজাত লালী গুৰ বোজাই কৰি ওলাই আহোতেই মিনি ট্ৰাক সহ চক্ৰটোক কৰায়ত্ব কৰিবলৈ সক্ষম হয়৷ লগে লগেই ঘটনাস্থলীত দণ্ডাধীশ উপস্থিত হৈ গুডামটোৰ কেতবোৰ আপত্তিজনক সামগ্ৰী জব্দ কৰাৰ লগতে গুডামটো চীল কৰি দিয়ে৷ ইফালে এই ঘটনাৰ পিছতেই আৰক্ষীয়ে গুডামটোৰ প্ৰকৃত স্বত্বাধিকাৰী পৰমেশ্বৰ ঝাক ঘটনাস্থলীলৈ আহিবলৈ নিৰ্দেশ দিছিল যদিওঁ কুখ্যাত ব্যৱসায়ীটোৱে ঘটনাস্থলীলৈ পত্নীক পঠিয়াই আত্মগোপন কৰে৷ অনুসন্ধানৰত আৰক্ষীৰ সন্মুখত পৰমেশ্বৰ ঝাৰ পত্নীয়ে দীৰ্ঘ সময়ধৰি ভোলা চাহু নামৰ ব্যৱসায়ীটোৱে গুডাম ঘৰটোত গুৰ জমা কৰি ৰখাৰ কথা স্বীকাৰ কৰিছে৷ লালী গুৰৰ ব্যৱসায় চলাই অহা তথা নিষিদ্ধ ঘোষিত প্লাষ্টিক বেগৰো অন্যতম খুচুৰা বিক্ৰেতা ভোলা চাহুৰ আন দুটা বৃহৎ গুডামৰো সম্ভেদ পোৱা গৈছে৷ নগৰৰ খিজনুৰ আলি পথৰ জলসম্পদ বিভাগৰ কাৰ্য্যালয়ৰ সমীপত থকা দুয়োটা বৃহৎ গুডামতেই এনে নিষিদ্ধ সামগ্ৰী গোপনে মজুদ থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে৷ লক্ষণীয়ভাৱে, লালী মাফিয়া ভোলা চাহু আটক হোৱাৰ পিছতেই কুখ্যাত ব্যৱসায়ীটোক যিকোনো মূল্যৰ বিনিময়ত মোকলাবৰ বাবে ঘনশ্যাম নামৰ এটা ব্যৱসায়ীৰ নেতৃত্বত এটা চক্ৰই সদৰ আৰক্ষী থানাত ভিৰ কৰিছেহি৷ আৰক্ষীয়ে দুয়োটা ব্যৱসায়ীৰ বিৰুদ্ধে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি আনুষ্ঠানিক ভাৱে গ্ৰেপ্তাৰ কৰা লালী মাফিয়া ভোলা চাহু আৰু লালী গুৰ পৰিবাহী মিনি ট্ৰাকৰ চালক নিতুল গগৈক গ্ৰেপ্তাৰ কৰিছে৷