গোসাঁইগাও: নতুন কৌশলেৰে আফিং সৰবৰাহ কৰা চক্ৰ এটাক দেওবাৰে পুৱা গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে ধৰা পেলাবলৈ সক্ষম হয় | এই চক্ৰটোৰ পৰা প্ৰায় দহ কোটি টকাৰ আফিং জব্দ কৰে আৰক্ষীয়ে।

ঘটনাৰ বিবৰণি মতে, গোসাঁইগাঁও মহকুমা আৰক্ষী বিষয়া সৌৰভ গুপ্তাৰ নিৰ্দেশত শিমুলটাপু আৰক্ষী চকীৰ আৰক্ষীয়ে আজি পুৱা ৬ মান বজাত হাৰাপুটাৰ সমীপত নিউটাউনত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা PB 10 FV 0167 নম্বৰৰ এখন ট্ৰাক পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে। পৰৱৰ্তী সময়ত শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পল লালহেমছেঙৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে গাড়ীখনক শিমুলটাপু আৰক্ষী চকীলৈ লৈ আনে। পাছত আৰক্ষীয়ে অনুসন্ধান চলাই ট্ৰাকখনৰ তেল টেংকীৰ পৰা নিষিদ্ধঘোষিত আফিঙৰ ২০টা পেকেট উদ্ধাৰ কৰে। আৰক্ষীৰ উমান পাই ট্ৰাক খনৰ চালক পলাই সাৰে। শিমুলটাপু আৰক্ষী চকীৰ আৰক্ষী জোৱান মুক্তাৰ আলীৰ বিশেষ তৎপৰতাত শিমুলটাপু আৰক্ষীয়ে এই সফলতা লাভ কৰিবলৈ সক্ষম হয়। জব্দ হোৱা ১৯ কেজি পাঁচশ গ্ৰাম নিষিদ্ধ ড্ৰাগছৰ বজাৰ মূল্য প্ৰায় দহ কোটি টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে।

লগতে পঢ়কঃ দুৰ্গা পূজাৰ বাবে সাজু সোণাৰিবাসী, প্ৰস্তুতি সম্পূৰ্ণ

উল্লেখ্য যে ইয়াৰ পূৰ্বেও শিমুলটাপু আৰক্ষী চকীৰ জোৱান মুক্তাৰ আলীৰ বিশেষ তৎপৰতাত প্ৰায় চাৰি কোটি টকাৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হৈছিল। সময়ে সময়ে আন্তঃৰাজ্যিক সীমান্ত শ্ৰীৰামপুৰত স্থাপিত শিমুলটাপু আৰক্ষী চকীৰ আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কোটি কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply