তামুলপুৰ : বাক্সা জিলাৰ তামুলপুৰৰ কুমাৰীকাটাত জব্দ বৃহৎ পৰিমাণৰ দেশীয় আৰু ভুটানৰ সুৰা। আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিলে কাৰ্টুনে কাৰ্টুনে দেশীয় আৰু ভুটানৰ সুৰা।
কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিলভজ্যোতি নাথৰ নেতৃত্বত আৰক্ষীৰ এটা দলে তামুলপুৰ মহকুমা আৰক্ষী বিষয়াৰ বিশেষ তৎপৰতাত এক অভিযান চলাই সুৰাখিনি জব্দ কৰে। তামুলপুৰৰ পৰা কুমাৰীকাটা অভিমুখে আহি থকা অৱস্থাত এ এছ-২৮ চি-৬৬৮৯ নম্বৰৰ এখন টেম্পো বাহনত তালাচি চলাই আৰক্ষীয়ে বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰিবলৈ সক্ষম হয়।
পৰৱৰ্তী সময়ত ইয়াৰ অনুসন্ধান চলাই আৰক্ষীয়ে তামুলপুৰৰ পূৰণচকৰ হৰেন কাকতি নামৰ এজন লোকৰ ঘৰৰ পৰা কাৰ্টুনে কাৰ্টুনে দেশীয় আৰু ভুটানৰ সুৰা জব্দ কৰে। ইতিমধ্যে আৰক্ষীয়ে হৰেন কাকতিৰ লগতে গৌৰী কলিতা নামৰ অন্য এজন লোকক আটক কৰিছে। আৰক্ষীয়ে জব্দ কৰা সুৰাখিনিৰ মূল্য ৮০ হেজাৰৰো অধিক হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
লগতে পঢ়ক : ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণ আৰু ড্ৰাগছৰ সন্দৰ্ভত মানকাচৰত গাওঁৰক্ষী বাহিনীৰ সভা
উল্লেখ যে, ক’ভিডৰ বাবে যোৱা এবছৰ ধৰি ভুটানৰ মূল প্ৰৱেশ দুৱাৰ বন্ধ হৈ থকাৰ মাজতো কিদৰে ভুটানৰ সুৰা অসমত বিক্ৰী হৈ আছে এইয়া এক ৰহস্যৰ বিষয় হৈ পৰিছে। আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যে ভুটানৰ সুৰা অবৈধভাৱে একাংশ লোক অসমলৈ আনি চোৰাংভাৱে বিক্ৰী কৰি আছে।