বিজেপি নেতাক সান্ধ্যআইন মানিবলৈ কৈ চাকৰি গ'ল আৰক্ষীৰ

মহানগৰীত সান্ধ্যআইনৰ মাজত এজন বিজেপি নেতাক চাইকেল চলোৱাত বাধা দিয়াৰ অভিযোগত গুৱাহাটীৰ গীতানগৰ আৰক্ষী থানাৰ এজন উপ-পৰিদৰ্শকক নিলম্বন কৰে়।

আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ পৰা দিয়া আদেশৰ প্ৰতিলিপি অনুসৰি, ফুলেশ্বৰ কোঁৱৰ বুলি চিনাক্ত কৰা এই আৰক্ষী বিষয়াজনৰ বেয়া আচৰণ আৰু কৰ্তব্যত কৰা অৱহেলাৰ বাবে তাৎক্ষণিক ভাৱে নিলম্বন কৰা হৈছে বুলি কোৱা হৈছে।
নিৰ্দেশটো ২৯ মে’ত জাৰি কৰা হৈছিল পিছে এই সমগ্ৰ বিষয়টো বুধবাৰেহে পোহৰলৈ আহে ।


১৯৮৪ চনত অসম আৰক্ষীত যোগদান কৰা নিলম্বিত কোঁৱৰে জনোৱা মতে ,”বিজেপি নেতাজনে আমাৰ এজন কৰ্তব্যৰত চিআৰপিএফ জোৱানৰ সৈতে জুৰোড তিনিআলিত যোৱা ২৮ মেত দুৰ্ব্যৱহাৰ কৰিছিল। তেওঁক নিশা প্ৰায় ৮ বজাত সান্ধ্যআইন চলি থকাৰ মাজত চাইকেল চলাবলৈ বাধা দিয়া হৈছিল।তেওঁ ওলোটাই এজন শীৰ্ষ বিজেপি নেতা বুলি কৈ জোৱানজনক গালি-গালাজ কৰিছিল আৰু ভয়ংকৰ পৰিণামৰ ভাবুকি দিছিল” । চি আৰ পি এফৰ সৈতে সংঘাতত লগাৰ খবৰ পাই ততাতৈয়াকৈ
আৰক্ষীৰ এখন ভান লৈ ফুলেশ্বৰ কোঁৱৰ সেই স্থানলৈ আহিছিল আৰু বিজেপি নেতাজনক আন কেইজনমান আৰক্ষী কৰ্মীৰ সৈতে আৰক্ষী চকীলৈ লৈ পঠিয়াই দিছিল।

লগতে পঢ়ক বিশিষ্ট সাহিত্যিক লক্ষ্মীনন্দন বৰাৰ দেহাৱসান

নেতাজনে গীতানগৰ আৰক্ষী থানাৰ দায়িত্বত থকা বিষয়াৰ সন্মুখত নিজৰ দোষ স্বীকাৰ কৰাৰ পিছত আৰক্ষী থানাৰ পৰা তেওঁক মুকলি কৰি দিয়া হৈছিল। তেওঁৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু কৰা হোৱা নাছিল।

নিলম্বিত এছ.আই জনে লগতে কয় “মই তেওঁক দুৰ্ব্যৱহাৰ কৰা নাছিলো বা তেওঁক শাৰীৰিক ভাৱে আঘাত কৰাও নাছিলো।
নিলম্বিত উপ পৰিদৰ্শকগৰাকীয়ে কয় যে পিছ দিনা (২৯ মে) DCP কাৰ্য্যালয়ৰ পৰা ফোন কৰি SI ফুলেশ্বৰ কোঁৱৰক আৰু কৰ্তব্যৰত আৰক্ষীৰ দলটোক DCP কাৰ্যালয়লৈ মাতি পঠিয়াই। আৰক্ষীৰ দলটো DCP ৰ কাৰ্যালয়ত উপস্থিত হোৱাত তেওঁলোকক DCP য়ে শোধ-পোছা কৰি SI কোঁৱৰ আৰু দুজন কনিষ্টবলক নিলম্বন কৰা বুলি নিৰ্দেশ পত্ৰ প্ৰদান কৰে। এই নিৰ্দেশ পত্ৰ লাভ কৰি আটাইকেইজন আৰক্ষীয়ে হতভম্ব হৈ পৰে।

কিয়নো সান্ধ্য আইন ভঙ্গকাৰীসকলৰ বিৰুদ্ধে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে হত্যাৰ ভাবুকি ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হ’ব বুলি ঘোষণা কৰিছিল। তেনেস্থলত এজন আৰক্ষী বিষয়াই সেই দায়িত্ব পালন কৰাৰ বাবে নিলম্বন কৰাত তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নিলম্বিত আৰক্ষী বিষয়া জনে কয়, “এজন বিজেপি নেতাক গুৱাহাটী চহৰত সান্ধ্যআইন ভংগ কৰি চাইকেল চলাবলৈ বাধা দিয়াৰ বাবেই মোক নিলম্বন কৰা হৈছে”।

এই ঘটনাৰ প্ৰত্যুত্বৰত বিজেপি নেতা প্ৰবীন বৈশ্যই কয়, ‘SI ফুলেশ্বৰ কোঁৱৰে নিজকে ধোৱা তুলসীৰ পাত সজাইছে। আৰক্ষীয়ে মোক দিয়া আঘাত চালেই সকলোৱে গম পাব সকলো সঁচা কথা।’- সেইদিনা চাইকেল লৈ মাৰ ঔষধ আনিবলৈ যোৱাৰ সময়তে জুৰোড তিনিআলিত মোক আৰক্ষীয়ে প্ৰহাৰ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰিছিল বুলি প্ৰবীণ বৈশ্যই মন্তব্য কৰে।

লগতে পঢ়ক পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াৰ প্ৰচেষ্টাত বহু যুৱক-যুৱতীয়ে হ’ল স্বাৱলম্বী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply