দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ব্ৰহ্মপুত্ৰ নদীত জব্দ নাওঁ ভৰ্তি চোৰাং চাউল। আৰক্ষীয়ে অভিযান চলাই ব্ৰহ্মপুত্ৰ নদীৰ মাজত জব্দ কৰে নাওঁ ভৰ্তি চাউল। অৱশ্যে চাউল সৰবৰাহৰ লগত জড়িত সৰবৰাহকাৰী সকল পলায়ন কৰিবলৈ সক্ষম হয়।
এক গোপন খবৰৰ ভিত্তিত দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষীয়ে ব্ৰহ্মপুত্ৰ নদীৰ মাজত অভিযান চলাই জব্দ কৰে এখন চাউল ভৰ্তি নাওঁ। আৰক্ষীয়ে দক্ষিণ শালমাৰাৰ বন্ধিহানাত ব্ৰহ্মপুত্ৰ নদীত অভিযান চলাই সমবায় সমিতিৰ চোৰাং চাউলখিনি জব্দ কৰে।
ব্ৰহ্মপুত্ৰ নদীৰে নাওঁ ভৰ্তি চোৰাং চাউল নি থকাৰ খবৰ লাভ কৰি আৰক্ষীয়ে নদীৰ মাজত নাওঁখনৰ সন্ধানত অভিযান আৰম্ভ কৰে। আৰক্ষীৰ অভিযান দেখি চোৰাং চাউল নি থকা সৰবৰাহকাৰী সকলে নদীৰ মাজতে নাওঁখন এৰি পলায়ন কৰে।
লগতে পঢ়ক : অসম পুলিচ বেটেলিয়ান জোৱান নিৰুদ্দেশ,এসপ্তাহে খবৰ নাই বিভাগৰ
পলায়ন কৰাৰ পূৰ্বে চাউল সৰবৰাহকাৰীয়ে নাওঁখন ফুটা কৰি দিয়াৰ ফলত নাওঁখন নদীৰ মাজত ডুব যায়। নাওঁখন নদীত ডুব যোৱাৰ পূৰ্বে আৰক্ষীয়ে ৬১১ বস্তা চোৰাং চাউল উদ্ধাৰ কৰিবলৈ সক্ষম হয়।