বৰপেটা : বৰপেটা জিলাৰ শিলাত শ শ চৰাই নিধনৰ লগত জড়িত এজন ব্যক্তিক আটক। মঙলবাৰে পুৱাৰ ভাগত চৰাই নিধনৰ ঘটনা সংঘটিত হোৱা স্থানত আৰক্ষীয়ে তদন্ত চলাই এজন কৃষকক আটক কৰে। সোমবাৰে শিলাত কৃষি ভূমিত বিহ মিহলাই শ শ চৰাই নিধন কৰিছিল দুষ্কৃতিকাৰীয়ে।

শিলাত কৃষিভূমিত বিহ মিহলাই শ শ চৰাই নিধন কাৰ্যৰ তদন্ত চলাবলৈ মঙলবাৰে পুৱাৰ ভাগতে শিলাত উপস্থিত হয় বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহা আৰু বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জন দলে। আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি বিহ মিহলোৱা কৃষিভূমি বন্ধকত লোৱা শিলা গাঁৱৰ কৃষক পজিৰুদ্দিন আহমেদৰ পুত্ৰ মান্নান আলীক আটক কৰে।

কৃষক পজিৰুদ্দিন আহমেদে একেখন গাঁৱৰ হৰকুমাৰ শৰ্মা নামৰ এজন ব্যক্তিৰ পৰা কৃষিভূমি বন্ধকত লৈছিল। আৰক্ষীয়ে চৰাই নিধনৰ ঘটনাক গুৰুত্ব সহকাৰে লৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰি মান্নান আলীক আটক কৰি থানালৈ নিয়ে।

লগতে পঢ়ক :  বাক্সাৰ উপৰখুটিত অপহৰণকাৰী আটক

কৃষিভূমিত বিহ মিহলাই চৰাই নিধন কৰা ঘটনাক প্ৰকৃতি প্ৰেমী সকলৰ লগতে স্থানীয় ৰাইজে সহজে লব পৰা নাই। ৰাইজে এই ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে। উল্লেখ্য যে, সোমবাৰে বৰপেটা জিলাৰ শিলাত কৃষিভূমিত বিহ মিহলাই শ শ চৰাই নিধন কৰা হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply