ৰাজ্যৰ বিভিন্ন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক দুবছৰৰ মূৰে মূৰে বদলি কৰা হ’ব। এই বদলিকৰণত মুখ্যমন্ত্ৰীৰ লগতে কোনো ৰাজনৈতিক নেতাৰ নিয়ন্ত্ৰণ নাথাকিব। সকলো সিদ্ধান্ত আৰক্ষী অধীক্ষক আৰু সঞ্চালক প্ৰধানেই ল’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে । অসম আৰক্ষী সেৱাৰ মানদণ্ড উন্নত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিভিন্ন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে কলাক্ষেত্ৰত আয়োজিত এখন বৈঠকত অংশ লৈ মুখ্যমন্ত্ৰীয়ে এই মন্তব্য কৰে।

মুখ্যমন্ত্ৰীয়ে লগতে কয় ,য’ত আৰক্ষী থাকিব তাত কোনো অপৰাধ থাকিব নোৱাৰিব। গাড়ী ধৰি দুয়োটা পাৰ্টি মিলি তয়ো খা মইও খা এইবোৰ নচলিব। সোণ আহিছে, সোণখিনি দুভাগ কৰা অ’চিৰ কাম নহয়৷ মাল খানাত কি কি আছে সকলো ৰেজিষ্টাৰ হব লাগিব।আধা খাই দিলে নহব ৷ জুৱা খেল আৰক্ষীৰ অনুমতি অবিহনে নচলে। ধৰ্ষণ গোচৰৰ চাৰ্জচীট শীঘ্ৰে দাখিল কৰিব লাগিব। আৰক্ষীয়ে উৎকোচ লোৱা বন্ধ কৰিব লাগিব। ৰাজ্যত গৰু চোৰাং বেহা বন্ধ কৰিবলৈ নিৰ্দেশ।
গৰু চোৰ দেখিলেই খেদি খেদি পিটন দিবলৈ নিৰ্দেশ। ৰাজ্যখনৰ থানা সমূহত থকা গোচৰ সমূহৰ চাৰ্জশ্বিট যিমান পাৰে সোনকালে দিবলৈও আহ্বান জনাই । ৰাজ্যখনত চলি থকা ড্ৰাগছ বিৰোধী অভিযান, ধৰ্ষণ-হত্যাৰ ঘটনা বৃদ্ধি আদি বিষয়ে বৈঠকত পৰ্যালোচনা কৰা হয়।বৈঠকত ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ লগতে ক’ভিডসৃষ্ট পৰিস্থিতিত গ্ৰহণ কৰিবলগীয়া ভূমিকাৰ বিষয়েও আলোচনা কৰে।আৰক্ষীৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এনে এখন বৈঠকৰ আয়োজন কৰা হয়।এই বৈঠকতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰপ্ৰাপ্ত বিষয়াসকলক কেইবাটাও নিৰ্দেশ দিয়ে।

লগতে পঢ়ক মাজুলীত আৰক্ষীক আক্ৰমণ কৰা কেশৱ হাজৰিকাৰ আত্মহননৰ চেষ্টা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply