নিউজ ডেস্কঃ মাজুলীৰ বংশীগোপাল নাট্য মন্দিৰত শনিবাৰে অনুষ্ঠিত এক সভাত প্ৰাক্তন অসমৰ মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত আছিল। তেওঁ সভাত ভাষণ প্ৰদান কৰি বহু গুৰুক্বপূৰ্ণ মন্তব্য আগবঢ়াই। যি মন্তব্যই এতিয়া ৰাজ্যজুৰি এক খলকনি সৃষ্টি কৰিছে।

তেওঁ ভাষণ প্ৰদান কৰি কয় যে, “চৰকাৰী পদবীকলৈ অহংকাৰ কৰিব নাপাই, আজি আছে কালি নাই কিন্তু সমাজ সদায়েই আছে। সমাজক সদায় শিৰত ৰাখিব লাগে আৰু ক্ষমতাক ভৰিৰ তলত ৰাখিব লাগে”।

“ৰাজনীতিয়ে ভাগ কৰে, সংস্কৃতিয়ে যোৰা লগায়। যিমানেই দুৰ্যোগ নাহে কিয়, যিমানেই ধুমুহা নাহে কিয়, এক হৈ থাকিব” বুলি কেন্দ্ৰীয় মন্ত্ৰীজনে ৰাইজলৈ আহ্বান জনাই।

লগতে তেওঁ মুখ্যমন্ত্ৰী কাৰ্যকালৰ লক্ষ্য কথা এনেদৰে দোহাৰে যে, “ মই মুখ্যমন্ত্ৰী থাকোতে অসমৰ ৩ কোটি ৪০ লাখ মানুহক ঐক্যবদ্ধ কৰাৰ বাবে মোৰ লক্ষ্য আছিল। সকলো জাতি-জনগোষ্ঠী, ভাষা-ভাষী লোকক একত্ৰিত কৰাৰ লক্ষ্য আছিল মোৰ” ।

লগতে, মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত বৰাক-ব্ৰহ্মপুত্ৰক একত্ৰিত কৰাৰ লক্ষ্য আছিল বুলিও মন ভাৱনা খিনি ভাষণৰ জৰিয়তে সৰ্বানন্দ সোণোৱালে কয় আৰু ৰাজনীতি এনে এক পৰ্যায়লৈও নিনিব বাবেও আহ্বান কৰে য’ত সমাজখন ছিন্ন বিচ্ছিন্ন হৈ পৰে ।

উল্লেখযোগ্য যে, তেওঁৰ ৰাজনৈতিক জীৱনত মাজুলীবাসীৰ অতুলনীয় অৱদানখিনিয়ো কয়। তেওঁৰ প্ৰথম কেন্দ্ৰীয় মন্ত্ৰী যাত্ৰাৰ পৰা মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ পুনৰ কেন্দ্ৰীয় যাত্ৰাটোৰ বাবে সোণোৱালক দিয়া মাজুলীবাসীৰ অৱদান খিনিয়ো কয়।  

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply