মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দুই সমষ্টিৰ ভোট গণনাৰ বাবে ১১০ গৰাকী কাউন্টিং বিষয়াক প্ৰদান কৰা হৈছে প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ। কাউন্টিং বিষয়া সকলক তিনিটা পৰ্যায়ত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।
অহা ২ মে তাৰিখে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দুই সমষ্টিৰ ভোট গণনাৰ বাবে শনিবাৰে ১১০ গৰাকী কাউন্টিং বিষয়াক প্ৰথম পৰ্যায়ৰ পৰীক্ষণ দিয়া হয়। ৰাজ্যৰ অন্যান্য জিলাৰ সমষ্টি সমূহৰ লগতে জিলাখনৰ অধীনত থকা ২১ নং মানকাচৰ আৰু ২২ নং দক্ষিণ শালমাৰা সমষ্টিৰ ভোট গণনা অনুষ্ঠিত কৰা হ’ব। ভোট গণনাৰ বাবে ১১০ গৰাকী কাউন্টিং বিষয়াৰ তিনিটা পৰ্যায়ৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে।
শনিবাৰে প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণৰ পিছত অহা ২৭ এপ্ৰিলত দ্বিতীয় আৰু ২৯ এপ্ৰিলত তৃতীয় পৰ্যায়ৰ প্ৰশিক্ষণ দিয়া হ’ব বুলি জানিব পৰা গৈছে। মন কৰিবলগীয়া যে সম্পূৰ্ণ কভিড প্ৰ’টকল মানি এইবাৰ ভোট গণনা অনুষ্ঠিত কৰা হ’ব। ইতিমধ্যে জিলা প্ৰশাসনে ভোট গণনাৰ বাবে কাউন্টিং হল নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে।
দুখন পৃথক সমষ্টিৰ বাবে পৃথক পৃথক কক্ষ নিৰ্মাণ কৰি এই দুই সমষ্টিৰ ভোট গণনা অনুষ্ঠিত কৰা হ’ব। কাউন্টিং হল নিৰ্মাণৰ বাবেও শ্ৰমিক সকল মুখত মাস্ক পৰিধান কৰি আৰু সামাজিক দূৰত্ব বজাই ৰাখি কাম কৰি থকা পৰিলক্ষিত হৈছে।