মানকাচৰ : স্বাস্থ্য কেন্দ্ৰৰ জিৰণি চৰাত চলিছে ৰোগীৰ চিকিৎসা।অসমৰ স্বাস্থ্য খণ্ডৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাইছে এখন স্বাস্থ্য কেন্দ্ৰৰ দৃশ্যই। সঘনাই অসমৰ স্বাস্থ্য সেৱাৰ উন্নয়নৰ ঢাক-ঢোল বজাই থকা চৰকাৰখনৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ এখন স্বাস্থ্য কেন্দ্ৰই। স্বাস্থ্য সেৱাৰ বাবে লক্ষাধিক জনতা নিৰ্ভৰশীল এইখন স্বাস্থ্য কেন্দ্ৰৰ ওপৰত।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ কালাপানীৰ অধীনত বসবাস কৰা লক্ষাধিক লোক প্ৰাথমিক চিকিৎসাৰ বাবে নিৰ্ভৰশীল সাদুল্লাবাৰী উপ স্বাস্থ্য কেন্দ্ৰৰ ওপৰত। প্ৰতিদিনে এই স্বাস্থ্য কেন্দ্ৰলৈ শতাধিক ৰোগীয়ে চিকিৎসাৰ বাবে আহে যদিও চিকিৎসা সেৱাৰ নামত এইখন স্বাস্থ্য কেন্দ্ৰত ৰোগীয়ে লাভ নকৰে পৰ্যাপ্ত চিকিৎসা সেৱা।
স্বাস্থ্য কেন্দ্ৰখনত ৰোগীৰ বাবে নাই এম্বুলেন্স সেৱা, ৰোগী ৰখাৰ বাবে নাই এখনো বিচনা। ফলত স্বাস্থ্য কেন্দ্ৰখনৰ জিৰণি চৰাতে ৰোগী সকলক প্ৰদান কৰা হয় চিকিৎসা। প্ৰায় ২০ বছৰ পূৰ্বে স্বাস্থ্য কেন্দ্ৰখনত দুখনকৈ এম্বুলেন্স আছিল যদিও এম্বুলেন্স দুখন বিকল হৈ থকাত ফলত ৰোগী অনা-নিয়া কৰাৰ বাবে নাই কোনো ব্যৱস্থা।
লগতে পঢ়ক : বিধস্ত চিকিৎসালয়লৈ যোৱা টীয়কৰ এটি গুৰুত্বপূৰ্ণ পথ
ক’ভিডৰ ভয়াবহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যি সময়ত স্বাস্থ্য খণ্ডৰ অধিক উন্নয়নৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা হৈছে সেই সময়তে মানকাচৰৰ এই স্বাস্থ্য কেন্দ্ৰৰ অৱস্থাৰ উন্নয়ৰ বাবে ৰাইজে দাবী জনাইছে। ৰোগীৰ সুবিধাৰ বাবে স্বাস্থ্য কেন্দ্ৰখন বিচনা যুক্ত হাস্পাতাললৈ উন্নত কৰাৰ দাবী জনাইছে বৃহত্তৰ কালাপানীবাসী ৰাইজে।