কমলপুৰ: চৰকাৰে দিয়া সান্ধ্য আইন আৰু এচঅ’পিৰ বাবে কাল অমানিশা নামি আহিছে কামৰূপ গ্ৰাম্য জিলাৰ এটি দুৰ্ভগীয়া পৰিয়াললৈ। কণমানি দুই পুত্ৰই খুজি মাগি,দোকান চলাই,লোকৰ ঘৰত দিন হাজিৰা কৰি নিজৰ বায়েক আৰু ৰুগীয়া মাকক পোহপাল দিব লগা হৈছে। বৰ্তমান সময়ত কোৰোনা মহামাৰীৰ বাবে জাৰি কৰা সান্ধ্য আইন আৰু এচঅ’পিৰ ফলত সেই ৰাস্তাও বন্ধ হৈ পৰিল ।
কামৰূপ গ্ৰাম্য জিলাৰ কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ফণি চকৰ পূৱপাৰ জটিয়াভাঙ্গৰা গাঁৱৰ ননৰীয়া পাম চুবুৰীৰ মৰমী কলিতাৰ ঘৰত এতিয়া চৌকা নজ্বলা অৱস্থা। মৰমী কলিতাৰ স্বামীৰ অকাল বিয়োগ হোৱাৰ ফলত দুই পুত্ৰ আৰু এটি কন্যা সন্তানৰ সৈতে এটি গোহালি সদৃশ ঘৰত আজি বাস কৰি আহিছে।
উল্লেখযোগ্য যে দিন হাজিৰা কৰি পৰিয়াল পোহ পাল দি অহা ৰত্নেশ্বৰ কলিতা প্ৰায় ৩ বছৰ পূৰ্বে এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল।
এতিয়া তেওঁৰ পত্নী মৰমী কলিতাই আনৰ ঘৰত কাম কৰি, দুগৰাকী কনমানি পুত্ৰ এগৰাকী কন্যাক লৈ কোনোমতে জীৱন নিৰ্বাহ কৰি আছিল । বৰ্তমান সময়ত মৰমী কলিতাই কোনো বিশেষ স্ত্ৰী ৰোগত আক্ৰান্ত হৈছে, কিন্তু চিকিৎসা কৰিবলৈ ধনৰ অভাৱ।
দুই কনমানি পুত্ৰ চতুৰ্থ শ্ৰেণীত পঢ়ি থকা পল্লৱ কলিতা আৰু ষষ্ঠ শ্ৰেণীত পঢ়ি থকা কিশোৰ কলিতা আৰু দশম শ্ৰেণীত পঢ়ি থকা পিংকি কলিতা ।
এতিয়া এই ক’ভিদৰ সময়ত আন ল’ৰা -ছোৱালীৰ দৰে অনলাইনত স্কুলৰ বিষয় অধ্যয়ন কৰিব লগীয়া সময়ত কনমানি কেইগৰাকী জীৱন সংগ্ৰামত নামিব লগীয়া হৈছে।
স্মাৰ্ট ফোন দুৰৰে কথা দুবেলা দুমুঠী খাবলৈও সংগ্ৰাম ।
চৰকাৰী বহু আঁচনি থকাৰ পিছতো এই পৰিয়ালটোৱে লাভ কৰা নাই কোনো সুফল। থাকিবলৈ নাই এটা ঘৰ, অনাময় আঁচনিৰ শৌচাগাৰটোৰ বাদে যেন এইসকল লোকক আন একো সুবিধাৰে প্ৰয়োজন নাই। অভিযোগ মতে ধন উৎকোচ দিব নোৱাৰাৰ বাবে বাদ পৰি ৰৈছে চৰকাৰী বিভিন্ন আঁচনিৰ লাভালাভৰ পৰা।
এনে পৰিয়াল আকৌ শেহতীয়া ক’ভিড ১৯ ৰ এচঅ’পি নীতিৰ বাবে চৰম দুৰ্ভোগ ভুগিব লগা হৈছে। লঘোনে দিন কটাব লগীয়া হৈছে এই পৰিয়ালটোৱে। হৃদয়বান লোকৰ লগতে দল,সংগঠন তথা স্থানীয় জনপ্ৰতিনিধিক চকু মেলি চাবলৈ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে। কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতালৈও আহ্বান দুৰ্ভগীয়া পৰিয়ালটোৰ।
লগতে পঢ়ক যোগান বিভাগৰ নিস্কিয়তাৰ সুযোগ লৈ খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি দক্ষিণ শালমৰা মানকাচৰত