নিউজ ডেস্কঃ কৰোণাৰ দ্বিতীয়টো ঢৌয়ে সমগ্ৰ দেশতে ত্ৰাসৰ সৃষ্টি কৰিছে। অসমতো দৈনিক হাজাৰ হাজাৰ লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ভালে সংখ্যক লোক মৃত্যুৰ মুখত পৰিব লগা হৈছে।
স্বাস্থ্য বিভাগ তথা প্ৰশাসনৰ লোকে দিনে নিশাই কৰ’ণা সংক্ৰমণ ৰোধ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।
কৰোণাৰ বাবে কণ্টেইনমেণ্ট জ’নত আবদ্ধ হৈ পৰা দুখীয়া লোকসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে দিছে ভাল খবৰ।
কণ্টেইনমেণ্ট জ’নত আবদ্ধ হৈ পৰা দুখীয়া লোকসকলে দুসপ্তাহৰবাবে লাভ কৰিব বিনামূলীয়াকৈ খাদ্য ।
আৰু পঢ়কঃচাহ বাগিছাত কোৰোনা সংক্ৰমণ বৃদ্ধিৰ পিছত কাইলৈ প্ৰকাশ পাব নতুন নিৰ্দেশনা
শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ অধ্যক্ষ অচ্যুত বৈশ্য, এনএইছএমৰ পৰিচালন সঞ্চালক লক্ষ্মনন এছ, এনএইছএমৰ কাৰ্যবাহী সঞ্চালক মনোজ চৌধুৰীসহ কেইবাগৰাকীয়ো শীৰ্ষ বিষয়াৰ সৈতে বৈঠকত মিলিত হয়।এই বৈঠকতে মুখ্যমন্ত্ৰীয়ে এই বিষয়েও সদৰি কৰে।
১৭ মে’ৰ পৰাই গুৱাহাটীত প্ৰতিদিনে ২০হাজাৰ টেষ্ট কৰোৱা হ’ব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। ১ লাখ টেষ্টৰ লক্ষ্য বান্ধি লৈছে চৰকাৰে।
কৰোণা সংক্ৰমণ ৰোধ কৰিবলৈ মাইক্ৰ’ কণ্টেইনমেণ্ট জ’ন, কোভিড কেয়াৰ চেণ্টাৰ আদিৰ সংখ্যা বৃদ্ধি কৰাৰ নিৰ্দেশৰ লগতে ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত অধিক গুৰুত্ব দিবলৈও মুখ্যমন্ত্ৰী শৰ্মাই নিৰ্দেশ দিছে।
চিকিৎসালয়সমূহত যাতে কোভিড ৰোগীসকলে সকলো ধৰণৰ সুবিধা পায় তাৰ প্ৰতি নজৰ ৰাখিবলৈও নিৰ্দশ দিছে স্বাস্থ্য বিভাগৰ বিষয়াসকললৈ।