কলগাছিয়া : কলগাছিয়াৰ বলাইপাথাৰত জৰাজীৰ্ণ গড়কাপ্তানি পথে জলাকলা খুৱাইছে ৰাইজক। সঘনাই সংঘটিত হৈ আহিছে সৰু-বৰ দুর্ঘটনা। কানসাৰ নাই বিভাগীয় কৰ্তৃপক্ষ তথা জনপ্ৰতিনিধিৰ।
বৰপেটা জিলাৰ কলগাছিয়াৰ পৰা বলাইপাথাৰলৈ যোৱা গড়কাপ্তানি পথৰ জৰাজীৰ্ণ অৱস্থাই জলাকলা খুৱাইছে পথচাৰীৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক। বিগত সাত বছৰ ধৰি বলাইপাথাৰ গাঁৱৰ গড়কাপ্তানী পথটিত পুখুৰী সদৃশ গাতৰ সৃষ্টি হোৱাৰ ফলত যমৰ যাতনা ভুগিব লগা হৈছে সাধাৰণ ৰাইজে।
জৰাজীৰ্ণ অৱস্থাত থকা পথটিত সঘনাই সংঘটিত হৈ আহিছে সৰু-বৰ দুর্ঘটনা। ফলত অঞ্চলটোলৈ এম্বুলেন্স নাইবা অগ্নিনিৰ্বাপক বাহন অহা যোৱাৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মূখীন হ’বলগীয়া হয়। অতি গুৰুত্বপূৰ্ণ এই পথটিৰে দৈনিক হাজাৰ হাজাৰ ৰাইজে অহা-যোৱা কৰে যদিও ভীষণ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে ৰাইজৰ।
পথটি মেৰামতিৰ ক্ষেত্ৰত জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই। যাৰ বাবে স্থানীয় ৰাইজে পথটো অতি সোনকালে মেৰামতি কৰিবলৈ বৰপেটা জিলা গড়কাপ্তানি বিভাগক অনুৰোধ জনাইছে।