নিউজ ডেস্কঃ দুৰাৰোগ্য ৰোগত আক্ৰান্ত অসমৰ জনপ্ৰিয় উদীয়মান অভিনেতা কিশোৰ দাস। বিগত কিছুদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ বহিঃৰাজ্যত চিকিৎসাধীন  হৈ আছিল হাঁহিমুখীয়া অভিনেতাজন। পিছে আৰ্থিক অসুবিধাৰ বাবে অসমলৈ ঘূৰি আহিব লগা হ’ল কিশোৰ দাস।

বৰ্তমান মহানগৰীৰ হেল্থ চিটী হাস্পতালৰ আই চি ইউত চিকিৎসাধীন  হৈ আছে অভিনেতাগৰাকী।

অভিনেতাজনৰ এই ৰোগৰ কথা জানিব পাৰি তেওঁৰ আনুৰাগী সকল মৰ্মাহত হোৱাৰ লগতে আশু আৰোগ্য কামনা কৰিছে।

অসমৰ বহুকেইটা জনপ্ৰিয় গীতত অভিনয় কৰি দৰ্শকক মুগ্ধ কৰিবলৈ সক্ষম হৈছে কিশোৰ দাস। কেইবাখনো অসমীয়া ধাৰাবাহিকত অভিনয় কৰাৰ লগতে অসমীয়া চলচ্চিত্ৰ ‘ৰত্নাকৰ’তো অভিনয় কৰিছে ২৮ বছৰীয়া অভিনেতাগৰাকীয়ে।

অসমীয়া ছবিজগতৰ বহুকেইগৰাকী শিল্পীৰ লগতে ইতিমধ্যে বহুলোকে অভিনেতাজনলৈ সহায়ৰ হাত আগবঢ়াইছে।

অসম চলচ্চিত্ৰ উদ্যোগ নিগমৰ পৰা অভিনেতা গৰাকীলৈ আগবঢ়োৱা হয় ১লাখ টকাৰ সাহাৰ্য।

অসম চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে ফেচবুক প’ষ্টত উল্লেখ কৰে ”জটিল ৰোগত আক্রান্ত হৈ চিকিৎসাধীন হৈ থকা খুবেই প্ৰতিভা সম্পন্ন অসমীয়া ছবি জগতৰ অভিনেতা কিশোৰ দাসৰ চিকিৎসাৰ বাবে অসম চলচিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ তৰফৰ পৰা ১ লাখ টকাৰ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰোঁ। মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াইয়ো প্ৰতি মুহূৰ্ততে তেওঁৰ স্বাস্থ্য আৰু চিকিৎসাৰ অগ্ৰগতিৰ বুজলৈ আছে। প্ৰতিভাৱান অভিনেতা গৰাকীযেন অতি সোনকালে সুস্থহৈ আমাৰ মাজলৈ ঘূৰি আহে তাকে মা কামাখ্যাৰ শ্ৰীচৰণত কামনা কৰিছোঁ।”

অভিনেতা কিশোৰ দাসলৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ পৰা ২.৫০ লাখ টকা আগবঢ়ায়। মুখ্যমন্ত্ৰীৰ হৈ বিধায়ক হেমাংগ ঠাকুৰীয়াই কিশোৰ দাসৰ পৰিয়ালৰ লোকক আগবঢ়ালে চেক।

অভিনেত্ৰী অমৃতা গগৈয়ে অভিনেতাগৰাকীৰ চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাই ” অত্যন্ত দুখৰ খবৰ যে অসমৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাস মাত্ৰ ২৮ বছৰ বয়সতে ভয়ানক কৰ্কট ৰোগত আক্ৰান্ত হৈ মহানগৰীৰ Health City হাস্পতালত চিকিৎসাধীন হৈ আছে । তেওঁৰ উন্নত চিকিৎসাৰ বাবে আৰ্থিক সাহায্যৰ প্ৰয়োজন হৈছে । অভিনেতাগৰাকীৰ চিকিৎসাৰ বাবে সকলোৱে সহায়ৰ হাত আগবঢ়াই দিও আহক ৷

জুবিন গাৰ্গ,জয়ন্ত কাকতিয়ে কিশোৰ দাসলৈ সহায়ৰ হাত আগবঢ়াই মুম্বাইলৈ চিকিৎসাৰ বাবে নিবলৈ যোজা চলাইছে। আনহাতে FILM FRATERNITY OF ASSAMৰ ফালৰ পৰা উদীয়মান অভিনেতাজনক চিকিত্‍সাৰ বাবে সহায় বিচাৰি এতিয়া কৰিছে আবেদন। কোনো হৃদয়বানলোকে কিশোৰ দাসৰ চিকিৎসাৰ বাবে সহায় আগবঢ়াব বিচাৰিলে সহায় আগবঢ়াব পাৰে।

FILM FRATERNITY OF ASSAM 

A/C NO.416401000228

ICICI BANK JATIA BRANCH

IFSC CODE: ICIC0004164

লগতে পঢ়কঃসমুদ্ৰপৃষ্ঠৰ পৰা ১৯,০০০ উচ্চতাত -২৫ ডিগ্ৰী তাপমানত দুঃসাহসিক অভিযানত ব্যস্ত অসমীয়া সন্তান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply