সোণাৰি: চৰাইদেউ জিলাৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চল সমূহৰ ভিতৰত অন্যতম এখন বনাঞ্চল হ’ল চলা সংৰক্ষিত বনাঞ্চল। এই বনাঞ্চল খনক সুৰক্ষিত কৰাৰ স্বাৰ্থত চলাপথাৰ শ্যাম গাঁৱৰ জনসাধাৰণে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।

বিভিন্ন ঔষধি তথা বিলুপ্তপ্ৰায় গছ-বনেৰে ভৰপূৰ বনাঞ্চল খনক সংৰক্ষিত কৰিবলৈ চলাপথাৰ শ্যাম গাঁৱৰ ডেৰশ বছৰীয়া জয়ন্তীৰ কাৰ্যসূচীত গাঁওখনৰ ৰাইজে “চলা গ্ৰাম্য অভয়াৰণ্য” নামেৰে নামকৰণ কৰে বনাঞ্চলখনক।

তাৰ পৰৱৰ্তী সময়ত “চলা ভিলেজ চেনছুৱেৰী কনজাৰভেছন চ’ছাইটি” গঠন কৰি গ্ৰাম্য অভয়াৰণ্য খন সংৰক্ষণৰ বাবে বছৰটোৰ বিভিন্ন সময়ত গছপুলি ৰোপন কৰাৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত সজাগতা মূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়।

আনহাতে ৬৩৮ হেক্টৰ মাটিকালিৰ এই গ্ৰাম্য অভয়াৰণ্যত অসম চৰকাৰৰ বন বিভাগে মাত্ৰ চাৰিগৰাকী লোকক নিয়োজিত কৰাৰ পৰিপ্ৰেক্ষিতত চলা ভিলেজ চেনছুৱেৰী কনজাৰভেছন চ’ছাইটিৰ দ্বাৰা নৈশ পহৰাৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

এই চলা ভিলেজ কনজৰাভেছন চ’ছাইটিৰ তৃতীয় বৰ্ষপুৰ্তিৰ অনুষ্ঠান বুধবাৰে গ্ৰাম্য অভয়াৰণ্য খনৰ মাজত অনুষ্ঠিত হয়। পৰিৱেশ সজাগতা মূলক বিভিন্ন কাৰ্যসূচীৰ লগতে ফটোগ্ৰাফী আদি অনুষ্ঠিত হোৱা তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠানতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দেৱজিত বৰাক চলা গ্ৰাম্য অভয়াৰণ্যৰ ব্ৰেণ্ড এম্বেছেদৰ হিচাপে নিয়োজিত কৰে সমিতিয়ে।

আজি অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰী তথা জনসাধাৰণৰ মাজত জাংগল ট্ৰেইনিং, পক্ষী চিনাক্তকৰণ তথা সুৰক্ষা প্ৰদান আৰু গ্ৰাম্য অভয়াৰণ্য সুৰক্ষাত মহিলাসকলৰ ভূমিকা শীৰ্ষক কৰ্মশালাত পক্ষী বিশেষজ্ঞ মৃদুপৱন ফুকন , বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা জুৰি দেৱী ফুকনৰ লগতে বহু কেইগৰাকী প্ৰকৃতিবিদে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে।

লগতে পঢ়ক- আমট্ৰেঙত পুনৰ পাহাৰীয়া ঢলে বুৰালে বহুঅঞ্চল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply