লখিমপুৰ : ৰাণী নৰহৰ চাহ বাগিচাত মহিলা শ্রমিকৰ উত্তাল প্ৰতিবাদ। পূজাত বোনাছ নিদিয়াক লৈ লখিমপুৰৰ ৰাণী চাহ বাগিছাত উত্তপ্ত পৰিস্থিতি। লখিমপুৰৰ প্ৰভাৱশালী কংগ্ৰেছী নেত্ৰী তথা সাংসদ ডঃ ৰাণী নৰহৰ মালিকানাধীন চাহ বাগিছাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। পূজাত বোনাছ নোপোৱাত, উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক মহিলা শ্ৰমিক সকলে।

প্ৰতিবাদকাৰী মহিলা শ্ৰমিক সকলৰ অভিযোগ, পূজাৰ বতৰত কোম্পানীৰ আইন ভংগ কৰি বাগিছাখনৰ দুই শতাধিক শ্ৰমিকক বোনাছৰ পৰা বঞ্চিত কৰিছে বাগিছা কৰ্তৃপক্ষই।
আজিও বোনাছ লবলৈ মাতি বিমুখ কৰাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি বোনাছ নিদিয়া পৰ্যন্ত অনিৰ্দিষ্ট কাললৈ বাগান বন্ধ কৰি দিয়াৰ হুংকাৰ দিলে ক্ষুব্ধ মহিলা শ্ৰমিক সকলে।

লগতে পঢ়ক : টিএমপিকে প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি উত্তৰ ধেমাজিত বিশেষ কাৰ্যসূচী

কোম্পানী আইনৰ আওতাত থকা স্বয়ং ৰাজ্যসভাৰ সাংসদৰ মালিকানাধীন এই বাগিছাখনত কোম্পানী আইন ভংগ কৰি বাগিছাখনৰ দুই শতাধিক শ্ৰমিকক বিভিন্ন সুবিধাৰ পৰা বঞ্চিত কৰি অহাৰ অভিযোগ তুলিছে প্ৰতিবাদকাৰী শ্ৰমিক সকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply