পশ্চিমবংগত নিৰ্বাচনোত্তৰ হিংসাৰ প্ৰতিবাদত বিজেপিয়ে আজি ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী পালন কৰে । এই হিংসাত ১২ জন লোকৰ মৃত্যু হোৱাৰ লগতে ঘৰ দুৱাৰ জ্বলাই দিছে বহুজন বিজেপি সমৰ্থকৰ ।
বিশেষকৈ অসমৰ সীমান্তত থকা কোচবিহাৰ অঞ্চলত এই হিংসাই ভয়ানক ৰূপ লোৱাত প্ৰাণৰ ভয়ত অসমত আশ্ৰয় লৈছে বহুজনে । পশ্চিমবংগত সংঘটিত ব্যাপক নিৰ্বাচনী হিংসাৰ বলি হৈ অসম সীমান্তৰ দুই শতাধিক লোকে গোলকগঞ্জত ৰণপাগলিত আশ্ৰয় লৈছে।
বিজেপিক ভোট দিয়াৰ অপৰাধত তৃণমূল কংগ্ৰেছৰ সমৰ্থকসকলে কেৱল অত্যাচাৰ কৰাই নহয়, হত্যাৰ ভাবুকিৰে ঘৰ-দুৱাৰ ভাঙি ধন-সম্পত্তি আৰু পশুধন পৰ্যন্ত লুট কৰি অৱৰ্ণনীয় অত্যাচাৰ চলায় এই লোকসকলৰ ওপৰত।
জীৱনৰ নিৰাপত্তা বিচাৰি পীড়িত লোকসকলে ৰণপাগলীৰ সীমান্ত চেতনা মঞ্চৰ গৃহত আশ্ৰয় লৈছে। ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে লোকসকলক খাদ্য সামগ্ৰী যোগান ধৰিছে ।এই লোকসকলৰ সন্দৰ্ভত কোচবিহাৰ আৰক্ষীৰ লগত আলোচনা কৰিছে ।
বিজেপি কৰ্মীৰ ওপৰত হোৱা আক্ৰমনৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই হিংসাজৰ্জৰ অঞ্চল সমূহ ভ্ৰমন কৰি কৰ্মকৰ্তাসকলৰ অৱস্থাৰ বুজ লৈছে ।
তৃতীয়বাৰৰ বাবে তৃণমূল কংগ্ৰেছে বংগৰ শাসনভাৰ লোৱাৰ সময়তে হোৱা হিংসাৰ বাবে পশ্চিমবংগ সীমান্তবৰ্তী ধুবুৰী জিলাৰ আগমনি ৰাজহ চক্ৰৰ অন্তগৰ্ত ৰণপাগলিৰ উপৰিও ৰামৰায়কুটী, খেৰবাৰী, পোকালাগি আদি অঞ্চলত আশ্ৰয় লৈছেহি ।
ইয়াৰে অধিকাংশ লোকেই কোচবিহাৰ জিলাৰ ঝাওকুটি, বালাভূট , মানসাই আদি অঞ্চলৰ পৰা আহিছে ।