প্ৰতিনিধিত্বমূলক ছবি

নিউজ ডেস্ক: কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে National Board of Examinations (NBE)- ক ৬ৰ পৰা ৮ সপ্তাহৰ বাবে চলিত বৰ্ষৰ NEET PG পৰীক্ষা পিছুৱাই দিবলৈ আহ্বান জনাইছে। ২০২১ বৰ্ষৰ NEET PG কাউন্সেলিঙৰ সৈতে একে সময়তে পৰীক্ষাৰ দিন পৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

যোৱা ২৫ জানুৱাৰীত ৬ গৰাকী এম বি বি এছ স্নাতকে উচ্চতম ন্যায়ালয়ত অহা ১২ মাৰ্চত স্নাতকোত্তৰ শাখাত নামভৰ্তিৰ বাবে অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰ দিন পিছোৱাবলৈ কৰা এক আৱেদনৰ ভিত্তিত স্বাস্থ্য মন্ত্ৰ্যালয়ে NBE-ক উক্ত আহ্বান জনায়।

এম বি বি এছৰ স্নাতকসকলৰ মতে যিহেতু এম বি বি এছৰ পিছত ইন্টাৰ্নশ্বিপ সম্পূৰ্ণ কৰাটো বাধ্যতামূলক গতিকে বহু সংখ্যক একাংশ প্ৰাৰ্থীৰ বাবে NEET PG-ৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাটো সম্ভৱ নহ’ব।

Medical Counselling Committee ৰ সহকাৰী সঞ্চালক প্ৰধান (Medical Education) আৰু সদস্য সচিব ড০ বি শ্ৰীনিৱাসে NBE-ৰ কাৰ্য্যবাসী সঞ্চালক ড০ এম বাজপাইলৈ প্ৰেৰণ কৰা এক বাৰ্তাত ভালেসংখ্যক চিকিৎসক প্ৰাৰ্থীৰ পৰা পৰীক্ষাৰ দিন পিছোৱাবলৈ অনুৰোধ জনাই প্ৰেৰণ কৰা আৱেদন লাভ কৰাৰ বুলি উল্লেখ কৰে।

ইয়াৰ উপৰি বহু সংখ্যক ইনটাৰ্নে চলিত বৰ্ষৰ মে’-জুন মাহত অনুষ্ঠিত হ’বলগীয়া স্নাতকোত্তৰৰ কাউন্সেলিঙত অংশগ্ৰহণ কৰিব নোৱাৰিব বুলি শ্ৰীনিৱাসে লগতে কয়।

উক্ত পৰিস্থিতিসমূহৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে চলিত বৰ্ষৰ NEET PG পৰীক্ষা ৬ৰ পৰা ৮ সপ্তাহলৈকে পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

লগতে পঢ়ক – শিৱসাগৰত সুৰামত্ত পুত্ৰৰ অত্যাচাৰত মাতৃ অগ্নিদগ্ধ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply