গুৱাহাটীঃ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা স্থগিত ৰখা হৈছে।
বৰ্তমান ৰাজ্যৰ ভয়াবহ বান পৰিস্থিতিৰ বাবে স্থগিত ৰখা হৈছে পৰীক্ষা।
১৯ জুলাইৰ পৰিৱৰ্তে ৩জুলাইত অনুষ্ঠিত হ’ব স্বাস্থ্য বিভাগৰ লিখিত পৰীক্ষা।
অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ ফালৰ পৰা এক বিবৃতি যোগে এই সন্দৰ্ভত ঘোষণা কৰিছে।