নিউজ ডেস্কঃ ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে উৎসৱ-পাৰ্বণ দুবছৰে বন্ধ হৈ থকাৰ ফলত চৰম লোকচানৰ সন্মুখীন হৈছে ৰাজ্যৰ মৃৎ শিল্পীসকল ৷

বছৰ বছৰ ধৰি চলাই অহা মৃৎশিল্পী সকলে প্ৰস্তুত কৰা মাটি-চাকিসমূহ বিভিন্ন বজাৰত বিক্ৰী কৰি আহিছে। বৰ্তমান প্ৰতি হেজাৰত ৮০০ টকাকৈ বিক্ৰী কৰা হৈছে এই মাটিৰ চাকিসমূহ।

লগতে পঢ়কঃদুৰ্গোৎসৱৰ সময়ত ৰাজ্যত ৫৪১ টা পথ দুৰ্ঘটনা

বিগত দুবছৰে ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে চৰম লোকচানৰ সন্মুখীন হোৱা এইসকল মৃৎ শিল্পীৰ মুখত এইবাৰ হাঁহি বিৰিঙি উঠা দেখিবলৈ পোৱা গৈছে ।

কাইলৈ কাতি বিহু।পৰম্পৰা অনুসৰি কাতি বিহু পালন কৰিব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৃষিজীৱী ৰাইজে | ইয়াৰ বাবেও প্ৰয়োজনীয় চাকি বন্তি প্ৰস্তুত কৰিছে মৃৎ শিল্পীসকলে। দীপাৱলীৰ লগতে ছট পূজাৰ বাবেও চাকি প্ৰস্তুত কৰাত ব্যস্ত মৃৎ শিল্পীসকল |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply