সোণাৰি : ক’ভিড বিধি মানি সোণাৰিত কৃষকৰ মাজত পাৱাৰ টিলাৰ বিতৰণ। RKVY, NFSM আৰু BGREI আঁচনিৰ অধীনত কৃষকলৈ আগবঢ়োৱা হয় পাৱাৰ টিলাৰ সমূহ।
চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ত আনুষ্ঠানিকভাৱে পাৱাৰ টিলাৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ। ৰাজহ মন্ত্ৰী যোগেন মহন, সাংসদ তপন কুমাৰ গগৈ, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, উপায়ুক্ত পল বৰুৱাৰ উপস্থিতিত শুভাৰম্ভ কৰা হয় বিতৰণ কাৰ্যসূচী।

আনহাতে, সোণাৰিৰ অন্যতম শিক্ষানুষ্ঠান শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ তিনিটা শ্ৰেণীকোঠা আজি উদ্বোধন কৰা হয়।
অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ আছুতীয়া পুঁজিৰ অধীনত দহ লাখ টকাৰে নিৰ্মাণ কৰা হৈছে শ্ৰেণীকোঠা কেইটা। যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, কেবিনেট মন্ত্ৰী যোগেন মহন আৰু সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নৱনিৰ্মিত শ্ৰেণীকোঠা তিনিটা।
লগতে পঢ়ক- প্ৰাক্তন কংগ্ৰেছী বিধায়ক মদন কলিতাৰ আকস্মিক মৃত্যু