গুৱাহাটী: দিল্লীৰ উপ মুখ্য মন্ত্ৰী মনীশ ছিচোদিয়াৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিলে অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

শুকুৰবাৰে মুখ্য মন্ত্ৰীৰ অধিবক্তা দেৱজিত শইকীয়াই জনোৱা মতে চিছোদিয়াই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ তোলা সন্দৰ্ভত ছিচোদিয়াৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰা হয়।

বৃহস্পতিবাৰে কামৰূপ গ্ৰাম্যৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত গোচৰ ৰুজু কৰা হয় বুলি জানিবলৈ দি শইকীয়াই কয় যে অহা ২২ জুলাইত প্ৰাথমিক সাক্ষ্যদান দাঙি ধৰাৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছে।

উল্লেখযোগ্য যে যোৱা ৪ জুনত নতুন দিল্লীত অনুষ্ঠিত এখন সংবাদমেলত ছিচোদিয়াই মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনিছিল।

উক্ত সংবাদমেলত তেওঁ ২০২০ চনত হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্য মন্ত্ৰী হৈ থাকোতে তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ সহ মাকিলীস্বত্ব থকা এটা কোম্পানীৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে ‘বজাৰতকৈ অধিক দৰত’ পিপিই কিট ক্ৰয় কৰাৰ অভিযোগ আনিছিল বুলি দেবজিত শইকীয়াই কয়।

উক্ত অভিযোগ ভিত্তিহীন বুলি উল্লেখ কৰি শইকীয়াই কয় যে বিষয়টোত ছিচোদিয়াৰ পৰা কোনোধৰণৰ স্পষ্টীকৰণ নোপোৱাৰ বাবে শৰ্মাই তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত লয়।

উক্ত পিপিই কিটসমূহ জেচিবি ইণ্ডাষ্ট্ৰীজে দান কৰিছিল বুলি তেওঁ শইকীয়াই দাবী কৰে।

লগতে পঢ়ক –

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply