বাক্সা : কংগ্ৰেছ মিত্ৰজোঁটৰ পৰা আঁতৰি আহিব বিপিএফ। সম্প্ৰতি ৰাজ্যৰ ৰাজনৈতিক মহলত আটাইতকৈ চৰ্চিত খবৰটোৱেই হৈছে মিত্ৰজোঁটৰ পৰা বিপিএফ আঁতৰি অহাটো। এইবাৰ মহাজোঁটত নথকাৰ কথা স্পষ্ট কৰিলে বিপিএফৰ সাধাৰণ সম্পাদক প্ৰবীণ বড়ো।
বিপিএফৰ সাধাৰণ সম্পাদক গৰাকীয়ে কয় যে মহাজোঁট নিৰ্বাচন কেন্দ্ৰীক আছিল। নিৰ্বাচন কেন্দ্ৰীক মহাজোঁটৰ সৈতেহে বিপি এফ দলৰ সম্পৰ্ক আছিল। মহাজোঁটৰ চৰকাৰ নহ’ল গতিকে মহাজোঁট এতিয়া অপ্ৰাসংগিক। প্ৰবীণ বড়োই লগতে কয় যে উপ নিৰ্বাচনত বিপিএফ দলে অকলে প্ৰতিদ্বন্দিতা কৰিব।
লগতে পঢ়ক : হাজিৰা কৰি এতিয়া দিন অতিবাহিত কৰিব লগীয়া হৈছে ভ্ৰাম্যমাণৰ শিল্পীয়ে
নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ পিছত এতিয়া মহাজোঁটৰ কি কাম আছে বুলিও কয় প্ৰবীণ বড়োই। আগন্তক উপ নিৰ্বাচনত বিপিএফ দলে অকলে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলি দোহাৰি বিপিএফ দল কোনো দলৰ সৈতে একত্ৰিত হৈ নাযায় বুলিও কয় প্ৰবীণ বড়োই। আনহাতে বিপিএফ দলৰ সৈতে কোনো দলে সমৰ্থন দিলে বিটিচি চৰকাৰ পৰিৱৰ্তন হ’ব পাৰে বুলিও কয় বিপিএফৰ সাধাৰণ সম্পাদক গৰাকীয়ে।