লখিমপুৰ: আজিৰেপৰা আৰম্ভ হৈছে বধাকৰাৰ মিগমচুকত মিছিং জনগোষ্ঠীৰ পঃৰাগ উৎসৱ।
সম্পূৰ্ণ ৩৬ বছৰৰ পিছত গাঁওখনৰ ৰাইজে বৰ্ণাঢ্য ভাৱে আয়োজন কৰিছে এই উৎসৱৰ।
উৎসৱৰ লগতে মিগমচুক ক্ষেত্ৰত নিৰ্মাণ কৰা হৈছে বিশাল তোৰণ আৰু মুৰং অকুম।
এই মুৰং অকুমৰ দ্বাৰ উন্মোচনৰ লগতে মিগম অপেঃৰ মুৰং অকুমত প্ৰৱেশক লৈ উদুলি মুদুলি পৰিবেশ। উৎসৱ স্থলীত
মিগমচুক মিছিং কৃষ্টি দলে গুমৰাগ চঃমান প্ৰদৰ্শন কৰি এক আনন্দমুখৰ পৰিবেশৰ সৃষ্টি কৰে বধাকৰাত। ব্যয় বহুল অনুষ্ঠান হোৱাৰ বাবে মিছিং সকলে অনুষ্ঠানটো বিৰতিৰ পিছত আয়োজন কৰি আহিছে।
লখিমপুৰৰ মিগমচুক ক্ষেত্ৰত মিছিং জনগোষ্ঠীৰ পৰম্পৰাগত পঃৰাগ উৎসৱ
উদুলি মুদুলি পৰিবেশত আয়োজিত উৎসবত পাঁচ হাজাৰ লোক সমবেত হ’ব
