সোণাৰি : নৱপ্ৰজন্মৰ এগৰাকী প্ৰতিষ্ঠিত কবি ইলামণি শইকীয়ালৈ ২০২১ বৰ্ষৰ “প্ৰাগজ্যোতিষ যুৱ সাহিত্য বঁটা” আগবঢ়োৱা হয় শুকুৰবাৰে।

ৰাজ্যৰ প্ৰায়কেইখন প্ৰতিষ্ঠিত সাহিত্যালোচনী তথা বাতৰি কাকতৰ নিয়মীয়া লেখিকা আৰু বৰ্তমান দক্ষিণ বেলতলা মধ্য ইংৰাজী বিদ্যালয়ত সহ শিক্ষয়িত্ৰী হিচাবে কৰ্মৰত ইলামণি শইকীয়াক বৃহস্পতিবাৰে ‘নিৰ্মল আৰু প্ৰাগজ্যোতিষ শৈক্ষিক ন্যাসৰ তৰফৰপৰা ৰাজ্যৰ শিক্ষা-সাহিত্য-সাংস্কৃতিক-সামাজিক তথা সংবাদ ক্ষেত্ৰখনলৈ আগবঢ়োৱা ভালেকেইগৰাকী ব্যক্তিৰ লগত একেলগে এই বঁটা প্ৰদান কৰা হয়।

ইউনিভাৰ্চিটি অৱ ইঞ্জিনীয়াৰিং এণ্ড মেনেজমেণ্টৰদ্বাৰা বঁটা প্ৰাপক তথা বিভিন্ন অনুষ্ঠানৰ দ্বাৰা আয়োজিত “কবিতা প্ৰতিযোগিতা’ত পুৰষ্কাৰ বুটলিবলৈ সক্ষম হোৱা ইলামণি শইকীয়াই ২০১৯ বৰ্ষত বাবু জগজীৱন ৰাম কলা সংস্কৃতি আৰু সাহিত্য অকাডেমিয়ে আগবঢ়োৱা “ড° বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় সন্মান পদক” লাভ কৰিছিল।

সৰুৰেপৰা সাহিত্য চৰ্চাৰ সৈতে জড়িত তথা আজিৰ দৈনিক বাতৰি কাকতৰ উপ সম্পাদক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা তথা এটা বৈদ্যুতিন সংবাদ মাধ্যমত পূৰ্বতে কৰ্মৰত ইলামণি শইকীয়াৰ কাব্য সংকলন “আকাশ মূলতঃ পৃথিৱীৰ প্ৰেমিক” ত অসমীয়াৰ লগতে কেইবাটাও অসমীয়া কবিতাৰ ইংৰাজী অনুবাদ অন্তৰ্ভুক্ত হোৱাৰ উপৰিও কেইবাখনো মননশীল চিত্ৰ সন্নিৱিষ্ট আছে।

লগতে পঢ়কঃ প্ৰচণ্ড ভূমিকম্পই জোকাৰি গ’ল অসম

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply