গুৱাহাটী – কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটত বিপিএফ দল অন্তৰ্ভুক্ত হোৱাকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে প্ৰমীলা ৰাণী ব্ৰহ্মই। মহাজোঁটত অন্তৰ্ভুক্ত হ’বলৈ আমি বাধ্য হৈছোঁ। বিজেপিয়ে আমাক অপমান কৰিলে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে প্ৰমীলা ৰাণী ব্ৰহ্মই।
পাঁচ বিজেপিৰ লগত চৰকাৰত থকাৰ পিছত অৱশেষত বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ লগত মিত্ৰতা ভংগ কৰিলে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ দলে। বিজেপিক এৰি বিপিএফ দলে আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত হ’ল মহাজোঁটত। বিপিএফ দলৰ এই সিদ্ধান্তই ৰাজ্যৰ ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰাৰ সময়তে প্ৰমীলা ৰাণী ব্ৰহ্মই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
দেওবাৰে মহাজোঁট বিপিএফ দল যোগদান কৰাকলৈ বিপিএফ নেত্ৰী তথা মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় “বিজেপি দলে আমাক যথেষ্ট অপমান কৰিছে। বিজেপিয়ে আমাক অপমান কৰাৰ বাবেই আমি এই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছোঁ”।
২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিপিএফ দল কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁটৰ লগত থাকিব বুলিও জানিবলৈ দিয়ে প্ৰমীলা ৰাণী ব্ৰহ্মই। আনহাতে কংগ্ৰেছৰ নেতৃত্বতে ২০২১ চনত অসমত চৰকাৰ গঠন হ’ব বুলিও আশা প্ৰকাশ কৰে প্ৰমীলা ৰাণী ব্ৰহ্মই।