গুৱাহাটীঃ তামুলপুৰৰ এঘাৰমাইলত নিশা বিটিচি প্ৰধান প্ৰমোদ বড়োৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে বাহনখন।দুৰ্ঘটনাত নিহত প্ৰমোদ বড়োৰ এজন দেহৰক্ষী। নিহত দেহৰক্ষী জনৰ নাম ৰাজু কলিতা। দুৰ্ঘটনাত ব্ৰজেন ৰাজবংশী, উৎপল পাটগিৰি,পংকজ দাস নামৰ আন তিনিজনলোকো আহত হৈছে। দুৰ্ঘটনাত আহতসকল বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
তামুলপুৰৰ পৰা ৰঙিয়া অভিমুখে গৈ আছিল কনভয় বাহন কেইখন।নিহত ৰাজু কলিতা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ নিৰাপত্তা সৈতে বিগত দুবছৰ ধৰি জড়িত হৈ আছিল ।
লগতে পঢ়কঃমৃত্যুদূতলৈ পৰিণত হৈছে লখিমপুৰ জিলাৰ কদম ৰাজহচক্ৰৰ ৰাষ্ট্ৰীয় ঘাইপথ