গোলাঘাটত নিৰ্বাচনী প্ৰচাৰ চলালে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে
গোলাঘাটত নিৰ্বাচনী প্ৰচাৰ চলালে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে

গোলাঘাট- প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন সমাগত। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া তুংগত চলিছে নিৰ্বাচনী প্ৰচাৰ।

৯৫ নং গোলাঘাট বিধান সভা সমষ্টিত শুকুৰবাৰে নিৰ্বাচনী প্ৰচাৰ চলালে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে।

মেৰাপানীৰ সৰুপানী, সীমান্ত আৰু চিচুপানী পঞ্চায়তৰ প্ৰায় পোন্ধৰ হাজাৰ বড়ো ভোটৰ প্ৰতি লক্ষ্য ৰাখি বিষ্ণু বিজয়পুৰ খেলপথাৰত বিজেপি প্ৰাৰ্থী অজন্তা নেওগৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে ইউ পি পি এলৰ সভাপতি তথা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে।

আৰু জানিবলৈ পঢ়কঃযোৰহাটৰ সাংসদ তপন গগৈ কৰোণাত আক্ৰান্ত

প্ৰথমবাৰৰ বাবে গোলাঘাট সমষ্টিত উপস্থিত হৈ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে অজন্তা নেওগক এগৰাকী স্বচ্ছ আৰু নিকা মন্ত্ৰী আছিল বুলি প্ৰশংসাৰে ভৰাই পেলোৱাৰ লগতে এই আই ইউ ডি এফ আৰু কংগ্ৰেছৰ মহাজোঁটক চোকা সমালোচনা কৰাৰ লগতে এইবাৰ হাগ্ৰামা মহিলাৰীৰ যাদু নচলে বুলি মন্তব্য কৰে।

ইফালে বিজেপি দলে ১০০+ আসন দাবী কৰাৰ বিপৰীতে বিজেপিয়ে ৮০ খন আসনহে পাব বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে প্ৰমোদ বড়োয়ে।

উল্লেখযোগ্য যে, বড়ো অধ্যুষিত সৰুপানী, চিচুপানী আৰু সীমান্ত পঞ্চায়তৰ কেইবা সহস্ৰাধিক ভোটাৰৰ বিপৰীতে আজিৰ সীমিত সংখ্যক লোকৰ উপস্থিতিয়ে বিজেপি প্ৰাৰ্থী অজন্তা নেওগৰ পথ যে মসৃণ নহয় সেয়া নিশ্চিত হৈ পৰিছে।

আৰু পঢ়কঃ চৰাইদেউৰ বৰহাটত ব্ৰাউন ছুগাৰ জব্দ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply