গুৱাহাটী – কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটত হাগ্ৰামা মহিলাৰীৰ বিপিএফ দল অন্তৰ্ভুক্ত হোৱাকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰমোদ বড়োৱে। হাগ্ৰামা মহিলাৰীক আক্ৰমণ চলাই প্ৰমোদ বড়োৱে কয় এতিয়া আৰু হাগ্ৰামা মহিলাৰীৰ যাদুৰ লাঠি নচলে। হাগ্ৰামা মহিলাৰীৰ যাদুৰ লাঠি ভাঙিল বুলিও মন্তব্য কৰে প্ৰমোদ বড়োৱে।
ৰাজ্যৰ নিৰ্বাচনী গৰম বতাহক অধিক উত্তপ্ত কৰি তুলিলে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। যোৱা পাঁচ বছৰে বিজেপিৰ লগত চৰকাৰত থাকি বিধানসভা নিৰ্বাচনৰ পূৰ্বে হাগ্ৰামা মহিলাৰীয়ে বিজেপিক এৰি কংগ্ৰেছৰ মহাজোঁট অন্তৰ্ভুক্ত হ’ল। ৰাজনৈতিক মহলত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে হাগ্ৰামা মহিলাৰীৰ মিত্ৰজোঁট অন্তৰ্ভুক্ত হোৱা বিষয়টো।
হাগ্ৰামা মহিলাৰীৰ বিপিএফ দল কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট অন্তৰ্ভুক্ত হোৱাত মহাজোঁটত থকা দল সমূহে মহাজোঁটৰ শক্তি অধিক বৃদ্ধি হোৱা বুলি প্ৰকাশ কৰিছে যদিও ইয়াকলৈ অন্য এক প্ৰতিক্ৰিয়াহে প্ৰকাশ কৰিছে প্ৰমোদ বড়োৱে। মহাজোঁটত বিপিএফ দল অন্তৰ্ভুক্ত হোৱাকলৈ প্ৰমোদ বড়োৱে কয় যে হাগ্ৰামা মহিলাৰীৰ যাদুৰ লাঠি ভাঙিল।
এতিয়া আৰু হাগ্ৰামা মহিলাৰীৰ যাদুৰ লাঠি নচলে বুলিও মন্তব্য কৰি প্ৰমোদ বড়োৱে কয় যে হাগ্ৰামা মহিলাৰীয়ে বি টি আৰ নিৰ্বাচনত ১৭ খন আসন লাভ কৰিও চৰকাৰ গঠন কৰিব নোৱাৰোলে। বৰ্তমানতো তেওঁলোকৰ ১৬ খনে আসন আছে।
প্ৰমোদ বড়োৱে হাগ্ৰামা মহিলাৰীক আক্ৰমণ চলাই কয় যে হাগ্ৰামা মহিলাৰী যাৰ লগত যায় সেই দলটোৱে হাৰে। পূৰ্বে মানুহে হাগ্ৰামা মহিলাৰীৰ কৌতুকত হাঁহিছিল কিন্তু এতিয়া মানুহে হাগ্ৰামা মহিলাৰীৰ কৌতুকত নাহাঁহে বুলিও মন্তব্য কৰে প্ৰমোদ বড়োৱে।