গুৱাহাটী : স্বেচ্ছাসেৱী সংস্থা চেতনা লেডিজ ক্লাবৰ উদ্যোগত মহানগৰীৰ মাছখোৱাৰ প্ৰাগজ্যোতি আইটিএ প্রকল্পত অনুষ্ঠিত হয়(বি বিগাৰ দেন ইউৰ প্রব্লেম) ‘তোমাৰ সমস্যাতকৈ ডাঙৰ’ শীর্ষক আধ্যাত্মিক কাৰ্যসূচী। প্রজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয়া বিশ্ববিদ্যালয়ৰ আন্তর্জাতিক আধ্যাত্মিক বক্তা বি কে শিৱানী শীর্ষক অনুষ্ঠানত অংশ গ্ৰহণ কৰি আধ্যাত্মিকতাৰ বিষয়ে বিস্তৃত ভাষণ আগবঢ়ায়।

জ্যেষ্ঠ আইএএছ বিষয়া আৰু অসম চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ বিভাগৰ প্ৰশাসনিক সচিব মঞ্জুলা শ‍ইকীয়া ভূঞাই মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰাৰ লগতে, ভগ্নী শিলা দিদি, ক্লাবৰ সভানেত্রী অন্নু আগৰৱাল, সম্পাদক ববিতা মোৰে, কাৰ্যসূচী সমন্বয়ক কাঞ্চন আগৰৱাল আৰু শ্বেতা সোমানিয়ে সামূহিকভাৱে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ উদ্বোধন কৰে। অনুষ্ঠানত সকলো বিশিষ্ট অতিথিক ক্লাবৰ সদস্যসকলে অসমীয়া পৰম্পৰাগত ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। একেদৰে অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তি সকলকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ক্লাবৰ সভানেত্রী অন্নু আগৰৱালাই আদৰণি ভাষণ প্ৰদান কৰি কয় যে আজিৰ আধ্যাত্মিক অনুষ্ঠানটোৱে প্ৰেক্ষাগৃহত উপস্থিত থকা লোকসকলৰ জীৱনলৈ পৰিৱৰ্তন আনিব।

লগতে পঢ়ক –  জৰাজীৰ্ণ বাট-পথ নিৰ্মাণ, বানাক্ৰান্তৰ ক্ষতিপূৰণৰ দাবীত আমছুৰ প্ৰতিবাদ

তেওঁ কয় যে দর্শকেৰে ভৰপূৰ আইটিএ প্রেক্ষাগৃহত সকলোৱে শিৱানী দিদিৰ আধ্যাত্মিক বক্তৃতা শুনাৰ সুযোগ লাভ কৰিছে। সচিব ববিতা মোৰে অনুষ্ঠানটো সফল কৰাৰ বাবে সকলো পৃষ্ঠপোষকৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰে। ক্লাবৰ সদস্য ৰেণু মোডী, ৰেণু মংগলুনিয়া, কবিতা পাটোৱাৰী, সুধা বাজাজ, মমতা সোধানি, নিৰা ভাৰতীয়, মঞ্জু জালান, প্ৰেম সুৰেকা, মীনা ধনুকা, কবিতা নিমোদিয়া, মধু আর্য, মংলা সৰাফ, আশা আগৰৱালা, সমতা গোলচা, কুসুম গোলন, মীনা মোৰে, দীপা চিওটিয়া, সন্তোষ ভৰুকা, মঞ্জু কেজৰিৱাল, অঞ্জু মহেশ্বৰী, সুনীতা সুৰেটিয়া, ৰীতা আগৰৱালে অনুষ্ঠানটো সফল মণ্ডিত কৰাত সহযোগিতা আগবঢ়ায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply