গুৱাহাটীঃ অসমলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী অসম কন্যাই।
৫৮ তম ৰাষ্ট্ৰীয় ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপত পদক লাভ কৰিছে অসমৰ প্ৰাপ্তি মেধিয়ে।
শুকুৰবাৰে পুৱা অনুস্থিত হোৱা ছোৱালীৰ চাব জুনিয়ৰ কোৱাড ৰোড ৰেছ লেপ- ১ শাখাত ফাইনেল শাখাত প্ৰাপ্তিয়ে চমকপ্ৰদ খেল দেখুৱাই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।
আৰু পঢ়কঃ দৰ্শক বিহীন খেলপথাৰত আজিৰে পৰা দেশৰ অন্যতম গ্লেমাৰাছ ক্ৰিকেট টুৰ্ণামেন্ট আই পি এল ১৪
যোৱা ৩১ মাৰ্চৰ পৰা পঞ্জাৱৰ চণ্ডীগড় আৰু মোহালিত চলি আছে এই প্ৰতিযোগিতাখনি।
প্ৰাপ্তিয়ে হ’ল পূৱ ভাৰতৰ প্ৰথম গৰাকী স্কেটিং খেলুৱৈ যিয়ে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ যিকোনো বিভাগৰ স্কেটিং প্ৰতিযোগিতাত পোন প্ৰথমবাৰৰ বাবে পদক আজুৰি আনিবলৈ সক্ষম হৈছে ।
এই প্ৰতিযোগিতাখন ”চেম্পিয়নশ্বিপ ৰোলাৰ স্কেটিং ফেডাৰেচন অৱ ইণ্ডিয়া”ৰ সহযোগত, ”পঞ্জাৱ ৰোলাৰ স্কেটিং এচোছিয়েচন” আৰু ”চণ্ডীগড় ৰোলাৰ স্কেটিং” এচোছিয়েচনে আয়োজন কৰিছে।
প্ৰাপ্তিৰ সফলতাত উৎফুল্লিত হৈ পৰিছে পিতৃ-মাতৃৰ লগতে সমূহ অসমবাসী।
ইষ্টম’জ’ৰ ফালৰ পৰাও প্ৰাপ্তিলৈ থাকিল অলেখ শুভকামনা।