গুৱাহাটী : ক’ভিডত মৃত্যুক সাৱটি লোৱা ব্যক্তিৰ পৰিয়ালবৰ্গলৈ আৰ্থিক সকাহ প্ৰদানৰ উদ্দেশ্যে অসম চৰকাৰৰ প্ৰাৰ্থনা আঁচনিৰ অন্তৰ্গত শনিবাৰে দ্বিতীয় পৰ্যায়ত কামৰূপ মহানগৰ জিলাৰ ৬০ জন হিতাধিকাৰীক এক লাখ টকাকৈ চেক বিতৰণ কৰা হয়। জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সভাত জিলাখনৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই হিতাধিকাৰীসকলক চেকসমূহ বিতৰণ কৰে।

জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, অতিৰিক্ত উপায়ুক্ত গৌৰীশংকৰ দাস, শৰ্মিষ্ঠা বৰা, বিপুল কুমাৰ দাস আৰু গুণজিৎ ৰায় চৌধুৰী আদিৰ উপৰি প্ৰশাসনৰ আন আন বিষয়া-ববীয়াসকল উপস্থিত থকা এই সভাত ভাষণ প্ৰদান কৰি কামৰূপ মহানগৰ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে ক’ভিডত বিশ্বৰ বহু পৰিয়াল নিথৰুৱা হ’ল।ক’ভিড মহামাৰীয়ে প্ৰাণ কাঢ়ি নিয়া ব্যক্তিৰ নিকট আত্মীয়ৰ আৰ্থিক সকাহৰ কথা চিন্তা কৰিয়েই অসম চৰকাৰে ক’ভিডত পিতৃ-মাতৃক হেৰুওৱা শিশুৰ বাবে শিশু সেৱা আঁচনি, ক’ভিডত স্বামীহাৰা বিধৱা মহিলালৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য আঁচনি, কভিডত মৃত ব্যক্তিৰ পৰিয়াললৈ প্ৰাৰ্থনা আঁচনিৰ অধীনত আৰ্থিক সকাহৰ ব্যৱস্থা কৰিছে।

লগতে পঢ়ক :  সোণাৰিত চৰাইদেউ আৰক্ষীৰ ৰক্তদান শিবিৰ

উল্লেখযোগ্য যে, এতিয়ালৈকে কামৰূপ মহানগৰ জিলাৰ মুঠ ১৬০ গৰাকী হিতাধিকাৰীক ক’ভিডত মৃত্যু হোৱা লোকৰ আৰ্থিক সকাহৰ অৰ্থে প্ৰাৰ্থনা আঁচনিৰ অন্তৰ্গত ১ লাখ টকাকৈ এককালীন সাহাৰ্য বিতৰণ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply