মানকাচৰ : শালি ধানৰ খেতি কৰা কৃষকক প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ বাবে আবেদনৰ আহ্বান হাটশিঙিমাৰী জিলা কৃষি বিভাগৰ। দেশ তথা ৰাজ্যৰ বিভিন্ন জিলাত শালি ধানৰ খেতি কৰা কৃষক সকলক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বাবে আবেদন কৰিবলৈ হাটশিঙিমাৰী জিলা কৃষি বিভাগে আহ্বান জনাইছে।

উল্লেখযোগ্য যে শালি ধানৰ খেতি কৰা কৃষকে প্ৰতি হেক্টৰ ভূমিত শালি ধান কৰিলে মাত্ৰ ১ টকাৰে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত বীমা কৰিব পাৰে। ১ টকাৰ বিনিময়ত বীমা কৰাৰ পাছত বানপানী বা আন দুৰ্যোগৰ সময়ত খেতি নষ্ট হ’লে বীমা কোম্পানীৰ পৰা কৃষক সকলক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হৈছে।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাত প্ৰথমবাৰৰ বাবে জিলা কৃষি বিভাগৰ জৰিয়তে এই বীমাৰ ব্যৱস্থা কৰা হৈছে। জিলাখনত কৃষি বিভাগৰ জৰিয়তে ৬ সহস্ৰাধিক কৃষকক বীমাৰ ব্যৱস্থা কৰা হৈছে। কৃষক সকলে বীমা কৰোতে ১ টকা আৰু যাৱতীয় নথি পত্ৰ জমা দিব লাগে যদিও বীমাৰ বাবে দিবলগা বাকী ধনখিনি কৃষি বিভাগৰ জৰিয়তে চৰকাৰে বহন কৰিব।

লগতে পঢ়ক :  নিয়োগ বাৰ্তা : ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমত ৪৬৬ পদত নিযুক্তি মুকলি

অনলাইন তথা অফলাইন পদ্ধতিত বীমাৰ সুবিধা প্ৰদান কৰা হৈছে। সেয়ে জিলাখনৰ কৃষক সকলে বীমাৰ বাবে আগবাঢ়ি আহিব লাগে বুলি জিলা কৃষি বিষয়া মইনুল হকে আহ্বান জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply