প্ৰদীপ দত্ত ৰয়

শিলচৰ : অৱশেষত গ্ৰেপ্তাৰ হ’ল প্ৰদীপ দত্ত ৰয়। কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে প্ৰদীপ দত্ত ৰয়ক। দিনটো জেৰা চলাই অৱশেষত প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰ কৰে কাছাৰ আৰক্ষীয়ে। বৰাকত অসমী ভাষাৰ বিৰোধিতা কৰিছিল প্ৰদীপ দত্ত ৰয়ে।

বৰাকত অসমীয়া ভাষাৰ প্ৰচলনৰ বিৰোধিতা কৰি অহা বৰাক ডেমক্ৰেটিক ফ্ৰণ্টৰ নেতা প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰ কৰিলে কাছাৰ আৰক্ষীয়ে। শনিবাৰে দিনটো কাছাৰ আৰক্ষীয়ে জেৰা চলাইছিল প্ৰদীপ দত্ত ৰয়ক। কাছাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত জেৰা চলোৱা হৈছিল প্ৰদীপ দত্ত ৰয়ক।

বৰাকত অসমীয়া ভাষাত লিখা চৰকাৰী হৰ্ডিং আঁতৰাই নিয়াৰ বাবে প্ৰদীপ দত্ত ৰয়ে ৪৮ ঘণ্টাৰ সময় বান্ধি দিছিল। পৰৱৰ্তী সময়ত ২৪ ঘণ্টাৰ ভিতৰত আঁতৰাই নিয়া হৈছিল অসমীয়া ভাষাত লিখা চৰকাৰী হৰ্ডিংখন। ইয়াৰ পিছতে ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছিল তীব্ৰ প্ৰতিক্ৰিয়া।

বৰাকত অসমীয়া ভাষাৰ বিৰিধিতা কৰা প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰ কৰাৰ দাবীত ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল। দল-সংগঠনৰ প্ৰতিবাদৰ পিছতে শনিবাৰে প্ৰদীপ দত্ত ৰয়ক কাছাৰ আৰক্ষীয়ে জেৰা চলায়। জেৰাৰ অন্তত অৱশেষত গ্ৰেপ্তাৰ কৰা হয় প্ৰদীপ দত্ত ৰয়ক।

লগতো পঢ়ক : ডবকা থানাত ধনৰ লেনদেন গোচৰত উপ পৰিৰ্দশক হৰি কমল দাসক গ্ৰেপ্তাৰ

ইফালে প্ৰদীপ দত্ত ৰয়ে অসমীয়া ভাষাৰ বিৰুদ্ধে চলাই অহা কাৰ্য কলাপৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে কয় প্ৰদীপ দত্ত ৰয় এজন অখ্যাত লোক আৰু এজন অখ্যাত লোকক বিখ্যাত কৰাৰ কোনো প্ৰয়োজন নাই। এইখন কঠোৰ চৰকাৰ আৰু প্রদীপ দত্ত ৰয়ে এইখন চৰকাৰক ভালদৰে বুজা নাই বুলিও কয় মুখ্যমন্ত্ৰীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply