স্থায়ী নিযুক্তি আৰু নিয়মীয়া দৰমহাৰ দাবীত সদৌ অসম অতিৰিক্ত প্ৰাক-প্ৰাথমিক (ক-শ্ৰেণী) শিক্ষয়িত্ৰী সন্মিলনীৰ উদ্যোগত মহানগৰীৰ চচলৰ ধৰ্ণাস্থলীত সোমবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
প্ৰতিবাদী সকলে আমাক স্থায়ী নিযুক্তি দিয়ক, আমাৰ নিয়মীয়া দৰমহা আদায় দিয়ক, প্ৰাক প্ৰাথমিকত অংগণবাদীত অন্তৰ্ভুক্ত কৰিবলৈ দিয়া নহব, আমাৰ দাবী ন্যায্য দাবী আদি শ্লোগানেৰে সাব্যস্ত কৰে প্ৰতিবাদ।
ৰাজ্যত কৰ্মৰত তিনিহেজাৰতকৈ অধিক প্ৰাক প্ৰাথমিক শিক্ষয়িত্ৰীক শীঘ্ৰেই নিযুক্তিৰ দাবী জনায় চৰকাৰৰ ওচৰত।