মানকাচাৰঃ সমগ্ৰ দেশতে মহামাৰী কৰোণাই সংহাৰী ৰূপ ধাৰণ কৰিছে।

অসমতো কৰোণা তীব্ৰগতিত সংক্ৰমিত হৈছে।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাত মঙলবাৰে এগৰাকী গৰ্ভৱতী মহিলা কৰোণাত আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে।

জিলাখনত স্বাস্থ্যকৰ্মীসহ তিনিজন নতুনকৈ আক্ৰান্ত হৈ মুঠ আক্ৰান্তৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পায়।

নামাৰগাঁও গাঁৱৰ মুকেছিনা বেগম নামৰ ২৭ বছৰীয়া গৰ্ভৱতী মহিলা গৰাকী গজাৰিকান্দি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰিবলৈ আহোতে তেওঁৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰে।

বৰ্তমান গজাৰিকান্দি খণ্ড প্ৰাথমিক স্বাস্থ্য বিভাগৰ পৰা মহিলা গৰাকীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মহিলা গৰাকীক হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসা সেৱা প্ৰদান কৰাৰ ব্যৱস্থা হাতত লৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply