গুৱাহাটীৰ পৰা ছৰফৰাজ খানঃ ২৩ ছেপ্টেম্বৰত প্ৰথমজন ইণ্ডো-নেপালী দ্বিভাষিক ছবি “প্ৰেম গীত ৩” মুক্তি লাভ কৰিব । সেই উপলক্ষে শনিবাৰে গুৱাহাটীত প্ৰথমখন ইণ্ডো-নেপালী চিনেমাখনৰ ট্ৰেইলাৰ মুকলি কৰা হয়। ইণ্ডিয়ান আইডল ১২ ৰ বিজয়ী পৱনদীপ ৰাজনে এই চিনেমাখনত কন্ঠদান কৰিছে।
এই ট্ৰেইলাৰ মুকলি অনুষ্ঠানত সুভাষ কালে (প্ৰযোজক), প্ৰশান্ত গুপ্তা (প্ৰযোজক), প্ৰদীপ খাদকা (মুখ্য অভিনেতা), ক্ৰিষ্টিনা গুৰুং (মুখ্য অভিনেত্ৰী )আৰু সন্তোষ চেঞ্চ প্ৰেম গীত ৩ ৰ পৰিচালক উপস্থিত থাকে।
ইপিনে, এই চলচ্চিত্ৰখন প্ৰেম আৰু গীত নামৰ এক দম্পতীৰ প্ৰেমকাহিনীৰ ওপৰত আধাৰিত কৰি নিৰ্মাণ কৰা হৈছে। দুয়োটা ব্লকবাষ্টাৰ অংশৰ পিছত চিনেমাখনৰ তৃতীয় অংশটো ২০২২ চনৰ ২৩ ছেপ্টেম্বৰত ৰূপালী পৰ্দাত মুকলি হ’বলৈ সাজু হৈছে। যিহেতু দৰ্শকে প্ৰথম দুটা চিজনৰ বাবে মৰম আৰু সমৰ্থন দিছে, এই চলচ্চিত্ৰখনৰ তৃতীয় অংশটো দৰ্শকে ভাল পাব বুলি পৰিচালক গৰাকীয়ে জানিবলৈ দিয়ে। প্ৰেম গীত ৩ হৈছে ভাৰতত মুকলি হোৱা প্ৰথম ইণ্ডো-নেপালী চলচ্চিত্ৰ। এইখন ইয়াত মুকলি হ’বলগীয়া প্ৰথম দ্বিভাষিক চলচ্চিত্ৰ হ’ব বুলিও পৰিচালক গৰাকীয়ে কয়।