গুৱাহাটীৰ বশিষ্ঠত দুৰ্বৃত্তৰ গুলীত আহত হোৱা প্ৰেমকুমাৰৰ মৃত্যু।
প্ৰেমকুমাৰৰ মৃত্যুৰ পিছত বশিষ্ঠৰ বিবেক পথত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
স্থানীয় লোকৰ প্ৰতিবাদত বিয়লি উত্তাল হৈ পৰে অঞ্চলটোৰ পৰিবেশ।
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী, অৰ্দ্ধ-সামৰিক বাহিনী মোতায়েন কৰিব লগা হয়।
২০ ফেব্ৰুৱাৰীত সমৰ ৰয় নামৰ কলকাতাৰ যুৱকৰ গুলীত আহত হৈছিল প্ৰেমকুমাৰ নামৰ যুবক জন।
প্ৰেমজনিত কাৰণতে সমৰ ৰয় নামৰ যুৱকে চলাইছিল পিষ্টলৰ গুলী। ৮টা দিনৰ পিছত প্ৰেম কুমাৰৰ মৃত্যুৰ পিছতে পোহৰলৈ আহিছে আন বহু তথ্য। সমৰ ৰয় নামৰ প্ৰেমিকাৰ ককায়েক বুলি ঘটনাৰ পিছতে প্ৰেমিকাৰ পৰিয়ালে যি তথ্য দিছিল সেইবোৰ মিছা আছিল বুলি আজি প্ৰকাশ কৰিছে ওচৰ চুবুৰীয়াই।
কলকাতাৰ পৰা আহি প্ৰেমিকাৰ পৰিয়ালৰ সৈতে সংঘাতত লিপ্ত হোৱাৰ সময়ত বন্ধন নামৰ যুবক এজনে প্ৰেম কুমাৰক সেই ঘৰটোলৈ লৈ গৈছিল। সেই সময়তে প্ৰেমিক সমৰ ৰয়ৰ গুলীত আহত হৈছিল প্ৰেম কুমাৰ। আৰক্ষীয়ে বৰ্তমান তদন্ত চলাই আছে যদিও সবিশেষ প্ৰকাশ কৰা নাই।