গুৱাহাটী : টকিঅ’ অলিম্পিকত অসমৰ নাম উজ্বলাবলৈ সক্ষম হোৱা লাভলীনা বৰগোঁহাই বৃহস্পতিবাৰে ভৰি দিব অসমত। ইতিমধ্যে টকিঅ’ পৰা আহি ভাৰতত উপস্থিত হোৱা অসম কন্যা লাভলীনাক আদৰি আনিবলৈ চলিছে ব্যাপক প্ৰস্তুতি।
বৃহস্পতিবাৰে দিল্লীৰ পৰা বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈ লাভলীনা বৰগোঁহাই পোনে পোনে যাব পাঞ্জাৱৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত। টকিঅ’ অলিম্পিকত পদক অৰ্জন কৰা অসমৰ প্ৰথম গৰাকী খেলুৱৈ গৰাকীক সম্বৰ্ধনা জনাবলৈ কলাক্ষেত্ৰত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
বৰঝাৰ বিমান বন্দৰৰ পৰা লাভলীনাক ৰেড কাৰ্পেট পাৰি আদৰণি জনোৱা হ’ব। কলাক্ষেত্ৰত অসম চৰকাৰে লাভলীনাক সম্বৰ্ধনা জনাব। লাভলীনাক অসম চৰকাৰৰ ক্ৰীড়া নীতিৰ অধীনত ৫০ লাখ টকা আৰু এ পি এছ বা এ চি এছ পৰ্যায়ৰ চাকৰি প্ৰদান কৰা হ’ব।
লগতে পঢ়ক : শিৱসাগৰত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ
বৃহস্পতিবাৰে লাভলীনাক আদৰিবলৈ গুৱাহাটী মহানগৰীত লাভলীনাৰ বিশাল বিশাল বেনাৰ, পোষ্টাৰ লগোৱা হৈছে। ইফালে লাভলীনাক গোলাঘাট জিলাৰ বৰপথাৰৰ গৃহভূমি বৰমুকীয়া গাওঁলৈ ৰাজ্যিক সন্মানৰ মৰ্যাদাৰে আদৰি নিয়া হ’ব। ইতিমধ্যে লাভলীনাক আদৰিবলৈ বৰমুকীয়াতো ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে।